বিলাসীপাৰাত ছিৰিয়েল কিলাৰৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ

🔹 শোৱাপাটীত নিৰ্মমভাৱে হত্যা স্বামী-স্ত্ৰীক

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বিলাসীপাৰা। বিলাসীপাৰাত সংঘটিত হৈছে ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তক দমনত চূড়ান্তভাৱে ব্যৰ্থ বিলাসীপাৰা আৰক্ষী প্ৰশাসন। ৰাজ্য জোকাৰি যোৱা বাছেৰ আলী হত্যাকাণ্ডৰ পিছত এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট স্বামী-স্ত্ৰী। ৰাণীগঞ্জৰ কুৰ্শাকাটীত শোৱাপাটীতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰিছে শ্বাহজালাল সেখ আৰু তেওঁৰ স্ত্ৰী নাৰ্জিমা বেগমক। দম্পতীটোক হত্যাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিলাসীপাৰাত। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে। উল্লেখ্য যে এদিন পূৰ্বে দুৰ্বৃত্তই অতি নিৰ্মমভাৱে হত্যা কৰিছে এই দম্পতীটোক। গুৱাহাটীত অধ্যয়নৰত দম্পতীটোৰ কন্যা ছামিনা য়াছমিনে বাৰম্বাৰ ফোন কৰাৰ পিছত ফোন ৰিচিভ কৰা নাছিল পিতৃ-মাতৃয়ে। অবশেষত ছামিনাই আত্মীয়ক ফোন কৰাত শ্বাহজালালৰ ঘৰত গৈ দেখে শোৱাপাটীতে পৰি আছে স্বামী-স্ত্ৰীৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ। লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় কুৰ্শাকাটী আৰু বিলাসীপাৰাত। খবৰ পাই নিশাই বিলাসীপাৰাৰ ৰাণীগঞ্জত উপস্থিত হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক, বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া, ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা দণ্ডাধীশ, বিলাসীপাৰা আৰু সাপটগ্ৰাম আৰক্ষীৰ দল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে বিলাসীপাৰা চহৰৰ মাজমজিয়াত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল প্ৰতিষ্ঠিত ব্যবসায়ী বাছেৰ আলীক। পূৰ্বে দুৰ্বৃত্তই একেই ষ্টাইলত ৰাণীগঞ্জ আৰু বাঘমাৰীত হত্যা কৰিছিল দুই দম্পতীক। আটাইবোৰ হত্যাকাণ্ডৰ এজনো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰক্ষী। প্ৰশ্ন উত্থাপন হৈছে- বিলাসীপাৰাত কেতিয়া বন্ধ হ’ব ছিৰিয়াল কিলাৰৰ ঘটনা? নিৰাপদ আৰু নিশ্চিন্তভাৱে নিশা টোপনি যাব পাৰিবনে বিলাসীপাৰাৰ জনতা? শ্বাহজালাল-নাৰ্জিমাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পাৰিবনে বিলাসীপাৰা আৰক্ষীয়ে ?

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured