মিনি বাংলাদেশলৈ ৰূপান্তৰিত অসমৰ কেইবাখনো জিলা : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ আগষ্টঃ বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাই দেশখনলৈ নমাই অনা চৰম দুর্যোগৰ প্রভাৱ অসমত পৰাৰ সম্ভাৱনাক লৈ চর্চা চলি থকাৰ সময়তে ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ হিন্দু জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পোৱাৰ ভয়ংকৰ তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি গুৱাহাটীৰ শ্রীশ্রীটঙৰা সত্র চৌহদত নৱনির্মিত ভকত গৃহ–তিথিশালা আনুষ্ঠানিকভাৱে উদ্বোধন অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে এই বিস্ফোৰক তথ্য প্রকাশ কৰাৰ লগতে কয় যে অসমৰ কেইবাখনো জিলা ইতিমধ্যে মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে আৰু এই জিলাসমূহত ক্রমাৎ হ্রাস পাইছে হিন্দুৰ সংখ্যা৷ উল্লেখ্য যে নামনি অসমত বিগত কুৰি বছৰত অভাৱনীয় হাৰত মুছলমান জনসংখ্যাৰ বিপৰীতে হিন্দুৰ সংখ্যা হ্রাস পাই আহিছে৷ ধুবুৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা আদিকে কৰি কেইবাখনো জিলাত ১৯৯১ চনৰ হিন্দু জনসংখ্যা যি হাৰত আছিল সেই হাৰ বিগত ২০ বছৰত হ্রাস পোৱাই নহয়, ইয়াৰ বিপৰীতে বৃদ্ধি হৈছে মুছলমান জনসংখ্যা৷ কার্যতঃ বাংলাদেশৰ পৰা অবিৰতভাৱে হোৱা অনুপ্রৱেশে নামনি অসমৰ জিলাসমূহত মুছলমানৰ সংখ্যা প্রতি বছৰে বৃদ্ধি কৰি আহিছে৷ ইতিমধ্যে এই বিষয়টোক লৈ কেইবাবাৰো সৰৱ হোৱা মুখ্যমন্ত্রী ড০ শর্মাই শেহতীয়া বাংলাদেশৰ পৰিস্থিতিৰ প্রসংগতে আজি কয়– আজি বাংলাদেশত যি অৱস্থা হৈছে তাৰ পৰা বহু দিশ উন্মোচিত হৈছে৷ বাংলাদেশত পূর্বে ৩৫ শতাংশ হিন্দু লোক আছিল৷ কিন্তু আজি চুবুৰীয়া দেশখনত হিন্দু লোকৰ সংখ্যা ৮ শতাংশলৈ হ্রাস পাইছে৷ দেশখনত হিন্দুৰ মঠ–মন্দিৰ নির্মমভাৱে ভাঙি পেলোৱা হৈছে৷ এই পৰিৱেশ যদি আমি অসমৰ বৰপেটা আৰু ধুবুৰী জিলাত কল্পনা কৰো, তেন্তে অনাগত সময় ভয়ংকৰ হ’ব পাৰে৷ ধুবুৰী জিলাত মাত্র ১২ শতাংশ হিন্দু লোক আছে৷ যিদৰে বাংলাদেশত ৮ শতাংশ হিন্দু আছে, ধুবুৰীত ১২ শতাংশ হিন্দুহে আছে৷ একেদৰে বৰপেটা জিলাত ৩০ শতাংশ, মৰিগাঁও জিলাত ৩৫ শতাংশ হিন্দু লোক আছে৷ অর্থাৎ একো একোখন ক্ষুদ্র বাংলাদেশ অসমৰ জিলাই জিলাই ইতিমধ্যে নির্মাণ হৈছে৷ মাত্র চৰকাৰ, আৰক্ষী–সেনাৰ ভয়তহে এই জিলাসমূহত হিন্দুৰ ওপৰত আক্রমণ হোৱা নাই৷ চৰকাৰ তথা আইন–আদালতৰ ভয়তহে হিন্দুৰ ওপৰত আক্রমণৰ পৰা আঁতৰি আছে৷ যিদিনাখনেই এই ভয় ভাঙি যাব সেইদিনাখনেই বাংলাদেশত আজি যি পৰিৱেশৰ সৃষ্টি হৈছে সেই একেই পৰিৱেশ উজনি অসমৰ জিলাসমূহক বাদ দি সকলোতে পৰিলক্ষিত হ’ব৷ এয়া আমাৰ জীৱনৰ বাস্তৱ সত্য৷ গতিকে ইয়াক প্রতিৰোধৰ বাবে চিন্তা–চর্চা কৰিব লাগিব৷ আমাৰ মূল লক্ষ্য হ’ব নতুন প্রজন্মই নামঘৰ–সত্রসমূহ আকোৱালি লয়, তাৰ প্রচেষ্টা ল’ব লাগিব৷ প্রতিজন মানুহৰ হূদয় আৰু জীৱন নামঘৰ–সত্রত জড়িত হৈ থাকিলে তেতিয়া আমি আমাৰ ভাগৱত–কীর্তন পুথিখনক বহু বছৰ ৰক্ষা কৰিবলৈ সক্ষম হ’ম৷ ইফালে, আজি দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠক সন্দর্ভত সবিশেষ উল্লেখ কৰা মুখ্যমন্ত্রীগৰাকীয়ে হিন্দুৰ জনসংখ্যা হ্রাস পোৱাৰ বিষয়টোৰ ওপৰতো পুনৰ প্রতিক্রিয়া প্রকাশ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– অসম আৰু বাংলাদেশ দুয়োখন ঠাইতে হিন্দুৰ জনসংখ্যা দ্রুতগতিত অৱনমিত হৈছে৷ এইক্ষেত্রত ২০২১ চনত লোকপিয়লৰ তথ্যই অধিক দিশ স্পষ্ট কৰিছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ৯.২৩ শতাংশ আৰু বাংলাদেশত ১৩ শতাংশ হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে কিন্তু বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা৷

Featured