ৰূপহীহাটলৈ ৯৬·৫ শতাংশৰে গৌৰৱ কঢ়িয়ালে ছাদিয়া চুলতানাই

🔹 ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত উৎসৱমুখৰ পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাদিয়া চুলতানাই ৷ ছাত্ৰীগৰাকীয়ে ৯৬·৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ যদি এইবাৰ মেট্ৰিকত ১০ নম্বৰ স্থান থাকিলেহেঁতেন তেন্তে নিশ্চিতভাৱে ১০ নম্বৰ স্থানৰ ভিতৰত থাকিলেহেঁতেন ছাত্ৰীগৰাকী ৷ ৰূপহী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা এইবাৰ ১৩৭গৰাকীকৈ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ১৩২গৰাকী ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৬·৩৫ ৷ তদুপলক্ষে আজি বিদ্যালয়খনত ফটকা ফুটাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured