মহিলাক যৌন উৎপীড়ন চলাই পলায়ন কৰা ছামছুলক আটক

🔹 আদাবাৰীত ঠেলামৰা আৰক্ষীৰ জালত পৰে লম্পট বাবুল

বিশেষ বাৰ্তা, ৪ জুলাই : ঠেলামৰা আৰক্ষীয়ে গুৱাহাটীৰ আদাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিলে  মহিলাক যৌন উৎপীড়ন চলাই পলাই থকা ছামছুল ইছলাম ওৰফে বাবুল আলী নামৰ লম্পটটোক। আজি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় নাৰী নিৰ্যাতনকাৰী ছামছুল ওৰফে বাবুল আলীক ৷ উল্লেখযোগ্য যে ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাঠনীবাৰী গাঁৱৰ বিবাহিত ছামছুল ইছলাম ওৰফে বাবুল আলী নামৰ লম্পটটোৱে ১ জুলাইত এগৰাকী বিবাহিত হিন্দু মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই পলায়ন কৰিছিল । ভুক্তভোগী মহিলাগৰাকীয়ে ঠেলামৰা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দিয়াৰ পিছতেই ঠেলামৰা আৰক্ষীয়ে অভিযান চলাই আজি পুৱতি নিশা গুৱাহাটীৰ আদাবাৰীত আশ্ৰয় লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে যৌন নিৰ্যাতনকাৰী বাবুল আলীক ৷ ঠেলামৰা আৰক্ষীয়ে জনায় যে ১ জুলাইত সন্ধিয়া সময়ত ঘৰত বিজুলী নথকাত মহিলা এগৰাকীয়ে দুডাল মম কিনিবলৈ যায় । মহিলাগৰাকীয়ে দোকানৰ পৰা মম লৈ ঘৰলৈ উভতি আহি থকাৰ পথত বিবাহিত লম্পট ছামছুল ইছলাম ওৰফে বাবুল আলীয়ে মহিলাগৰাকীক হাতত ধৰি অশ্লীল ইংগিত দিয়ে । লগে লগে মহিলাগৰাকীয়ে হাতত থকা টৰ্চেৰে লম্পটটোৰ মূৰত মাৰ মাৰি পলায়ন কৰি ঘৰ সোমায় । লম্পট বাবুল আলী ইয়াতে ক্ষান্ত নাথাকি মহিলাগৰাকীক অনুসৰণ কৰি যৌন উৎপীড়নৰ অপচেষ্টা চলায়। মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লম্পটটোৱে পলায়ন কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ লগতে পৰিয়ালবৰ্গই ঠেলামৰা আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দলে লম্পট বাবুল আলীক বিচাৰি ঘৰলৈ যায় যদিও বাবুল আলীক নাপাই লম্পটটোৰ পিতৃ ওমৰ আলীক সোধা-পোছাৰ বাবে থানালৈ লৈ আহে । ইয়াৰ পিছতেই ভুক্তভোগী মহিলাগৰাকীয়ে কালি পুৱা ঠেলামৰা থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দিয়াত আৰক্ষীৰ এটা দলে অভিযান চলাই গুৱাহাটীৰ আদাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে পলাই থকা ছামছুল ইছলাম ওৰফে বাবুল আলী নামৰ লম্পটটোক ৷

প্ৰেৰক কল্পজ্যোতি নাথ

Featured