বিয়াৰ প্রতিশ্রুতি দি প্রতাৰণা শংকৰজ্যোতিৰ

🔹 আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

🔹 জিএমচিএইচত চিকিৎসাধীন ভুক্তভোগী ছাত্রীৰ অভিযোগ– ‘সম্প্রতি গায়িকাৰে প্রেমত মচগুল ছাত্রনেতা’

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : অসমৰ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত প্রতিষ্ঠাকালৰে পৰা মাত মাতি অহা ৰাজ্যৰ অন্যতম ছাত্র সংগঠন সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে প্রতাৰণাৰ অভিযোগ৷ দীর্ঘদিনে প্রেমৰ সম্পর্ক ৰক্ষা কৰি পাছত প্রতাৰণা কৰা ছাত্রীগৰাকী হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ৷ নগাঁৱৰ বাসিন্দা ছাত্রীগৰাকীয়ে কেইবাবছৰ ধৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰে প্রেমৰ সম্পর্ক ৰক্ষা কৰি অৱশেষত তেওঁৰ দ্বাৰা প্রতাৰিত হোৱা বুলি অভিযোগ কৰিছে৷ মানসিক–শাৰীৰিক ভাৰসাম্য হেৰুওৱা ছাত্রীগৰাকীয়ে পৰহি মাত্রাধিক টেবলেট সেৱন কৰি আত্মহত্যাৰো চেষ্টা চলায়৷ মুমূর্ষু অৱস্থাত ছাত্রীগৰাকীক পৰহি নিশা প্রায় ১২.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই সদৰী কৰা মতে, ছাত্রীগৰাকীয়ে এণ্টিবায়’টিকৰ কেইবাটাও টেবলেট একেলগে সেৱন কৰা বাবেই তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটিছিল৷ চিকিৎসকে চলোৱা প্রচেষ্টাৰ অন্তত সম্প্রতি ছাত্রীগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে যদিও বর্তমান তেওঁক জিএমচিএইচতে ৰখা হৈছে৷ ভুক্তভোগী ছাত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দীর্ঘ সময় ধৰি তেওঁৰ সৈতে প্রেমৰ সম্পর্ক অটুট ৰাখিছিল৷ সময় যোৱাৰ লগে লগে সম্পর্ক অধিক গাঢ় হৈ যোৱাৰ পাছত বিষয়টো বিবাহলৈকেও আগবাঢ়িছিল৷ তেওঁ কয় যে শংকৰজ্যোতি বৰুৱাই তেওঁক বিয়া কৰোৱাৰ বাবে ঘৰত প্রস্তাৱো দিছিল৷ কিন্তু বিগত প্রায় ছমাহ ধৰি এগৰাকী কণ্ঠশিল্পীৰ সৈতে প্রেমত মচগুল হৈ শংকৰজ্যোতি বৰুৱাই সকলো সম্পর্ক ত্যাগ কৰে৷ সম্পর্কত থকা সময়ত তেওঁৰ ঘৰলৈকেও শংকৰজ্যোতি বৰুৱাৰ সঘন আহ–যাহ চলিছিল৷ কিন্তু কণ্ঠশিল্পীগৰাকীৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠাৰ পাছত অহা–যোৱাটো বাদেই, ফোন কৰিলেও শংকৰজ্যোতি বৰুৱাই কোনোধৰণৰ সঁহাৰি দিয়া নাছিল৷ প্রেমাস্পদৰ এনে আচৰণত শাৰীৰিক–মানসিকভাৱে বিধ্বস্ত হৈ পৰাৰ পাছত হঠাতে কি হৈ গ’ল সেয়া নাজানো বুলি মর্মবেদনা প্রকাশ কৰে তেওঁ৷ তেওঁ কয়– যুৱতী কণ্ঠশিল্পীগৰাকীৰ সৈতে থকা সকলো তথ্য–প্রমাণ মোৰ লগত আছে৷ সময়ত সকলো ৰাজহুৱা কৰিম৷ সমগ্র ঘটনা সন্দর্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্রতাৰণাৰ অভিযোগ তোলা যুৱতীগৰাকীয়ে কালি নিশাৰ ভাগত ভঙাগড় থানাত এখন চাৰি পৃষ্ঠজোৰা এজাহাৰ দাখিল কৰে৷ এই এজাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে দুলীয়াজানৰ স্থায়ী তথা গুৱাহাটীৰ ছয়মাইলৰ কিংস্কোৱেৰ এপার্টমেণ্টৰ বাসিন্দা আৰু আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম৷ আনকি আছুৰ সাধাৰণ সম্পাদকজনৰ সৈতে লিভ টুগেডাৰ কৰা বুলিও এজাহাৰত উল্লেখ কৰে যুৱতীগৰাকীয়ে৷ উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকী গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ বিষববীয়াও আছিল৷ এগৰাকী ছাত্রীয়ে অনা এই গুৰুতৰ অভিযোগ সন্দর্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যোগাযোগৰ চেষ্টাও চলোৱা হৈছিল যদিও তেওঁ কোনোধৰণৰ সঁহাৰি সাংবাদিকক নিদিলে৷ বিভিন্ন সময়ত অসমৰ ছাত্র–ছাত্রীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত সদৌ অসম ছাত্র সন্থাই বৃহৎ সংগ্রাম চলাই আহিছে৷ যদিহে ভুক্তভোগী ছাত্রীগৰাকীয়ে কৰা অভিযোগবোৰ সত্য বুলি প্রমাণিত হয়, তেন্তে অকল আছুৰ বাবেই নহয়, সমগ্র ৰাজ্যৰ ছাত্র সমাজৰ বাবে এয়া অত্যন্ত দুর্ভাগ্যজনক ঘটনা বুলি পৰিণত হ’ব৷ এতিয়া এই গুৰুতৰ অভিযোগ সন্দর্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত ছাত্র সংগঠনটোৰ শীর্ষ নেতৃত্বই কি স্থিতি গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Featured