মৈৰাবাৰীত ড্ৰাগছসহ ধৃত পূৰ্বে ৰঙাঘৰৰ আলহী হোৱা শ্বৰীফ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এজন। পূৰ্বেও একেই অপৰাধত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হোৱা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম হ’ল শ্বৰীফ উদ্দিন (২৫)। ধৃত শ্বৰীফ উদ্দিনৰ পৰা আৰক্ষীয়ে ১২টা নিষিদ্ধ কফ ছিৰাপৰ বটল, ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, এটা মোবাইল ফোন আৰু নগদ ৮,০৮০ টকা জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোকজনক মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে।

 

প্ৰেৰক তাৰিকুল ইছলাম

Featured