টোকোৰা চৰাইক আশ্ৰয়-সুৰক্ষা প্ৰদানেৰে পক্ষীপ্ৰেমৰ নিদৰ্শন ঢকুৱাখনাৰ ভবেন বৰাৰ

নিয়মীয়া বার্তা, ৪ মে’: পক্ষীকুলত অভিযন্তা ৰূপে পৰিচিত টোকোৰা চৰাই৷ নিজৰ আটোমটোকাৰী বাসস্থানৰ বাবে বিখ্যাত এই টোকোৰা চৰাই। গ্ৰামাঞ্চলৰ পৰা ক্ৰমে বিলুপ্ত হৈ যাবলৈ ধৰা চৰাইবিধে প্ৰকৃতিৰ কেনভাছত আঁকে অপূৰ্ব ছবি। এসময়ত ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহত একেবাৰে সহজে দেখিবলৈ পোৱা এই চৰাইবিধ বৰ্তমান সময়ত একপ্ৰকাৰ দুৰ্লভ হৈ পৰিছে। বিশেষকৈ পৰিৱেশ প্ৰদূষণ, নগৰাঞ্চল বৃদ্ধি, গছ-গছনি হ্ৰাসৰ লগতে কৃষিভূমিৰ পৰিসৰ হ্ৰাস আদিয়েই এই চৰাইবিধৰ সংখ্যা কম হোৱাৰ প্ৰধান কাৰণ হিচাপে ধাৰণা কৰা হৈছে। পথাৰ আৰু গছ-গছনিৰ আলমতেই জীৱন নিৰ্বাহ কৰা এই প্ৰজাতিটো আজি বিপদাপন্ন হৈ পৰিছে।ইয়াৰ মাজতেই বিলুপ্ত হ’ব খোজা এজাক টোকোৰা চৰাইক আশ্ৰয় আৰু সুৰক্ষাৰ যোগেদি প্ৰকৃতিপ্ৰেমৰ নিৰ্দশন দাঙি ধৰিছে ঢকুৱাখনাৰ এজন ব্যক্তিয়ে। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ অমুদ বৰবাৰী গাঁৱৰ ভবেন বৰাৰ গৃহত আশ্ৰয় গ্ৰহণ কৰিছে গ্ৰাম্যাঞ্চলৰ পৰা হেৰাই যাবলৈ ধৰা অভিযন্তা খ্যাত চৰাইবিধে। ভবেন বৰাৰ গৃহৰ বাৰীখন এতিয়া এজাক টোকোৰা চৰাইৰ বাবে এক নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে। গ্ৰামাঞ্চলৰ পৰা ক্ৰমে বিলুপ্ত হৈ যোৱা পক্ষীবিধৰ কলৰৱত মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো।প্ৰকৃতিৰ কোলাত মুক্তমনে উমলি থকা পক্ষী জাকৰ কিচিৰ মিচিৰ মাতত এতিয়া পুৱা সাৰ পায় গাঁওবাসীয়ে। পক্ষীপ্ৰেমী ভবেন বৰাৰ ঘৰৰ চৌহদৰ চাৰিজোপা তামোল গছত বিগত আঠ বছৰে টোকোৰা চৰাইৰ জাকটোক সুৰক্ষা প্ৰদান কৰি আহিছে। তামোল গছত প্ৰতিবছৰে বাহ সাজি বাস কৰে চৰাইবোৰে। আঠ বছৰ পূৰ্বে চাৰিটা টোকাৰা চৰাইয়ে বাহ সাজি আশ্ৰয় লোৱা এই ব্যক্তিজনৰ ঘৰৰ তামোল গছত এতিয়া দুশটাৰো অধিক বাহত আশ্ৰয় লৈছে ৫শৰো অধিক টোকোৰা চৰাইয়ে। কোনো ব্যক্তি অথবা দুস্কৃতিকাৰীয়ে যাতে চৰাই বিধৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে সদায় সতৰ্ক হৈ থাকে ভবেন বৰাৰ লগতে তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্য।কোনোদিনেই টোকোৰা চৰাইক আমনিও দিয়া নাই গৃহস্থই। যাৰ বাবে এতিয়া নিৰ্ভয়ে বনৰীয়া চৰাইবিধে বাঁহ সাজি আপোনমনে থাকিব পৰিছে নিৰাপদে। ইপিনে ভবেন বৰাৰ বাৰীত থকা টোকোৰা চৰাইৰ বাহসমূহ পক্ষীপ্ৰেমী আৰু পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।বিপদাপন্ন হৈ পৰা চৰাইৰ জাকটোক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰি ভবেন বৰাৰ পৰিয়ালে প্ৰকৃতিপ্ৰেমীৰ পৰা বুটলিছে প্ৰশংসা। ক্ৰমাৎ বিলুপ্তিৰ দিশলৈ গতি কৰা টোকোৰা চৰাইৰ সংৰক্ষণৰ বাবে এইদৰে চেষ্টা চলাই অহাটো প্ৰকৃতি প্ৰেমৰ লগতে নি:সন্দেহে ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured