শিমলীতোলাত চুৰিকাণ্ড : ৰাইজৰ হাতত আটক চোৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা ডাক্তৰপাৰাত আজি দিনদুপৰতে এক চুৰিকাণ্ড সংঘটিত হোৱাৰ খৱৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিয়পায়। গাঁওখনৰ ক্ৰমে প্ৰশান্ত দাস আৰু হিতেশ দাস নামৰ দুই ককাই-ভাইৰ পৰিয়ালত এই চুৰিকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে দুয়োটা পৰিয়ালৰ সকলো গৈছিল গাঁওখনৰ পালনাম উপলক্ষে উলিওৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীত। সেই সুযোগতে চোৰ দুজনে ঘৰৰ দুটাৰ ঘৰৰ খিৰিকীৰ আইনা ভাঙি ভিতৰত লুটপাত চলায়। অৱশেষত কেনেবাকৈ গৃহস্থই খবৰ পায় আৰু চোৰ ভিতৰত থাকোঁতেই চোৰ চোৰ চিঞৰিবলৈ লোৱাত ৰাইজে খেদি খেদি চোৰ দুজনক ধৰিবলৈ সক্ষম হয়। চোৰ দুজনৰ নাম ক্ৰমে মোজমুল আলী আৰু হাছানুৰ ইছলাম, দুয়োজনৰ ঘৰ জিলাখনৰ মাটিয়া দলগোমা মামুদপুৰত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত শিমলীতোলা থানাৰ দল উপস্থিত হৈ চোৰ দুটাক থানালৈ লৈ নিয়ে আৰু চুৰি সামগ্ৰী লুকুৱাই ৰখা স্থানলৈ দুয়োকো লৈ যায় তদন্তৰ বাবে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured