শিৱসাগৰত অজ্ঞাত লোকৰ গুলীয়ে ফুটালে ঘৰৰ টিনপাত

🔹 চেৰেকাপাৰ পানীবিলত অঘটন

নিয়মীয়া বাৰ্তা,  ৩১ মে’ : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা চেৰেকাপাৰ আৰক্ষী চকীৰ অধীনস্থ  পানীবিল অঞ্চলত আজি বিয়লি এজাঁই গুলী ফুটা শব্দৰ পিছতেই এটা পৰিয়ালৰ বাসগৃহৰ ভিতৰত গুলী উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গুলীৰ শব্দ শুনাৰ পিছতেই পৰিয়ালটোৰ বাসগৃহৰ ভিতৰত গুলী উদ্ধাৰৰ সমান্তৰালকৈ টিনৰ চালিৰ লগতে চিলিং পৰ্য্যন্ত ফুটি যোৱা ঘটনাক লৈয়ে সৃষ্টি হৈছে চাঞ্চল্য ৷ ঘটনা সন্দৰ্ভত আতংকিত পৰিয়ালটোৱে নিকটৱৰ্তী চেৰেকাপাৰ আৰক্ষী চকীক লিখিতভাৱে অৱগত কৰাৰ পিছতেই শিৱসাগৰৰ পৰা শীৰ্ষ আৰক্ষী বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে, শিৱসাগৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ পানীবিলৰ লিলি ফুকনৰ ঘৰত আজি বিয়লি ৪ মান বজাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ পৰিয়ালটোৰ মুৰব্বী লিলি ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বিয়লি বিদ্যালয়ৰ পৰা সন্তানকেইটা আহি ভাত খাই উঠি অহাৰ কিছু পিছতেই এটা ফটকাজাতীয় শব্দ শুনি বাহিৰলৈ ওলাই শব্দৰ উৎস বিচাৰে যদিও একো সম্ভেদ নাপালে ৷একে সময়তে পৰিয়ালটোৰ আন সদস্যসকলেও শব্দৰ উৎস বিচাৰি কোনো সম্ভেদ নাপাই ভিতৰলৈ অহাৰ সময়তে কোঠাত এটা বন্দুকৰ গুলী প্ৰত্যক্ষ কৰে ৷ এই ঘটনাৰ পিছতেই পৰিয়ালটোত হুৱাদুৱাৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবেশীসকলে ভালদৰে পৰ্যবেক্ষণ কৰাত গুলী উদ্ধাৰ হোৱা স্থানৰ ওপৰত চিলিং আৰু টিনপাতত ফুটা প্ৰত্যক্ষ কৰাৰ পিছতেই অঞ্চলজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ লিলি ফুকনৰ মতে যি স্থানত তেওঁৰ সন্তান দুটিয়ে আহাৰ গ্ৰহণ কৰি আছিল, সেই স্থানতেই গুলীটো প্ৰত্যক্ষ কৰিছে ৷ ফলত এক ভয়ংকৰ বিপদৰ পৰা পৰিয়ালটো ৰক্ষা পৰিল বুলি স্বস্তিৰ নিশ্বাস পেলাইছে ৷ আনহাতে, ঘটনাৰ পিছতেই স্থানীয় গাঁওপ্ৰধান সহিতে পৰিয়ালটোৱে চেৰেকাপাৰ আৰক্ষী চকীক অৱগত কৰাৰ পিছতেই ভাৰপ্ৰাপ্ত বিষয়াসহিতে এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই শিৱসাগৰ সদৰৰ পৰাও শীৰ্ষ আৰক্ষী বিষয়াৰ দল ঘটনাস্থলীলৈ বুলেট এক্সপাৰ্টসহ ৰাওনা হোৱাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাৰম্ভিক পৰ্য্যায়ত বিভিন্ন সূত্ৰই এয়া শক্তিশালী অত্যাধুনিক অস্ত্ৰৰ গুলী বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও বুলেট এক্সপাৰ্টৰ দলেহে এয়া কি অস্ত্ৰৰ গুলী, সেয়া চিনাক্ত কৰাৰ লগতে ফৰেনছিক পৰীক্ষাত স্পষ্ট হ’ব প্ৰকৃততে গুলী ফুটিছিল নে নাই ফুটা ৷ অৱশ্যে শেহতীয়াকৈ নাগালেণ্ডৰ পৰা ব্যাপক হাৰত শিৱসাগৰ জিলাখনলৈ চোৰাং অস্ত্ৰৰ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পানীবিলৰ ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured