শুৱালকুছি বালক মজলীয়া বিদ্যালয় কৃত্ৰিম বানৰ কবলত

বিশেষ বাৰ্তা, ৪ জুনঃ ব্ৰিটিছৰ শাসন কাল অৰ্থাৎ ১৮৮৫ চনতে স্থাপিত বস্ত্ৰনগৰী শুৱালকুছিৰ শতিকা পূৰণি শিক্ষানুষ্ঠানৰ পয়ালগা ছবিয়ে বিয়াগোম শিক্ষা বিভাগৰ প্ৰতি অভিভাৱক আৰু স্থানীয় ৰাইজৰ চৰম ভ্ৰূকুটি উপজিছে৷ অতীজৰে পৰা গৌৰৱ বহনকাৰী কণ কণ শিশুৰ বিদ্যালয়খন সম্প্ৰতি সাধাৰণ এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায়৷ বিগত দুটা দিনৰ বৰষুণত বিদ্যালয়খনৰ চোতাল পানীত ডুবি থকাৰ ফলত ছাত্ৰছাত্ৰীৰ পাঠ গ্ৰহণত বাধাৰ প্ৰাচীৰে দেখা দিছে৷ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে থকা স্কুল খনৰ প্ৰায়বোৰ শ্ৰেণী কোঠা উৱলি গৈছে৷ বিগত কংগ্ৰেছ চৰকাৰৰ শাসনৰ পৰা সম্প্ৰতি বিজেপি মিত্ৰজোটৰ চৰকাৰখনলৈ বাৰম্বাৰ আবেদন কৰিও বিদ্যালয়ৰ শ্ৰেণী কোঠাই নহয় আন্তঃগাঁথনি উন্নতি কৰিব পৰা নাই৷ অসম সাহিত্য সভাৰ বিগত শুৱালকুছি অধিৱেশন উপলক্ষে লোক নিৰ্মাণ বিভাগে দুটা কোঠা নিৰ্মাণ কৰি বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজ চলোৱাত সহায় কৰিছে৷ বিপৰীতে ছাত্ৰছাত্ৰীৰ পাঠ গ্ৰহণ আৰু পাঠ দানৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ বিদ্যালয়ৰ সোমাজত থকা খেল পথাৰ আৰু স্কুলৰ বাৰান্দা পানীৰে উপচি পৰি এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰে৷ বিশ্ব বিশ্ৰুত ৰেচম গাঁও মূগা পাট কাপোৰৰ বাবে বিখ্যাত শুৱালকুছিৰ মাজ মজিয়াত স্থাপিত উক্ত বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰে উন্নতি কৰি শৈক্ষিক বাতাবৰণৰ সুস্থ পৰিৱেশ গঢ়াৰ বাবে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ওচৰত ৰাইজে অবেদনসূচক দাবী জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

Featured