শিমলীতোলাত যৌতুকৰ বাবে পত্নী-শাহুৱেকক প্ৰহাৰ জোঁৱায়েকৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : বিচৰামতে যৌতুক আদায় নিদিয়াৰ বাবেই স্বামী আৰু একাংশই হাতে-হাতে লাঠী, দা লৈ ঘৰৰ গেট ভাঙি প্ৰহাৰ কৰে পত্নী আৰু বিধৱা শাহুৱেকক। জোঁৱায়েকৰ মাৰত গুৰুতৰভাৱে আহত হৈ শাহুৱেক চিকিৎসাধীন। আৰক্ষীয়ে আটক কৰে অভিযুক্ত পক্ষৰ এজনক। গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অধীনস্থ বৰপথাৰত মঙ্গলবাৰৰ সন্ধিয়া সংঘটিত হয় এই নিন্দনীয় ঘটনা। জানিব পৰা মতে গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰা গাঁৱৰ ইমান আলী নামৰ শিক্ষকৰ পুত্ৰ ৰাহুল আমিনে প্ৰায় পাঁচ বছৰৰ পূৰ্বে জিলাখনৰে শিমলীতোলা বৰপথাৰৰ এজনী ছোৱালীক পলুৱাই নি বিয়া পাতিছিল। দুয়োৰে এটি চাৰি বছৰীয়া সন্তানো আছে। বিয়াৰ পাছৰে পৰা স্বামী ৰাহুল আমিন আৰু পৰিয়ালৰ বাকীসকলে যৌতুকৰ দাবীত মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ! নিৰ্যাতন সহিব নোৱাৰি আৰু এম এ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেই শিশু সন্তানটিক লৈ কিছুদিন ধৰি বৰপথাৰৰ পিতৃগৃহত আছিল মহিলাগৰাকী। পিছে সন্ধিয়া ইফতাৰৰ পাছতেই জোঁৱায়েক ৰাহুল আমিন আৰু অঙহী-বঙহী তিনিটা পৰিয়ালৰ লোকে বৰপথাৰ গাঁৱৰ শহুৰেকৰ ঘৰত হাতে-হাতে দা, লাঠী লৈ উপস্থিত হয় আৰু তাণ্ডৱ চলায়। পৰিয়ালটোৰ বলপূৰ্বক গেট খুলি দলটিয়ে কিছু আচবাৱ লণ্ডভণ্ড কৰাৰ উপৰি স্বামী ৰাহুল আমিন আৰু বাকীসকলে মিলি পত্নী আৰু বিধৱা শাহুৱেকক অতি বেয়াকৈ প্ৰহাৰ কৰে। বৃদ্ধাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ নিয়াৰ দিহা কৰা হয়। জোঁৱায়েকৰ দলটিত দুই-তিনিগৰাকীকৈ শিক্ষকো জড়িত থকাৰ কথাও উল্লেখ। স্মৰ্তৱ্য যে জোঁৱায়েকক ইতিমধ্যে মাটি বিক্ৰী কৰি বিধৱা শাহুৱেকে টকা আৰু ফাৰ্নিচাৰ দিছে যদিও সম্প্ৰতি দুই-আঢ়ৈ লাখ টকা আৰু সোণৰ চেইন বিচাৰি এই নিৰ্যাতন চলোৱা বুলি অভিযোগত প্ৰকাশ। প্ৰশ্ন হয় অভিযোগ কৰা ধৰণেৰে যৌতুকৰ বাবেই এনে নিৰ্যাতন চলোৱা অভিযুক্ত পক্ষৰ বিৰুদ্ধে আইনে কিবা শাস্তিৰ দিহা কৰিবনে?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured