হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন, ৪৮ বছৰীয়া হ’ল জুবিন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ  আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন। ৪৮ বছৰীয়া হ’ল সকলোৰে প্ৰিয় শিল্পীগৰাকী।

জুবিনৰ জন্মদিনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীয়ে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ। জুবিনৰ খাৰঘুলিৰ বাসগৃহতো ভিৰ কৰিছেহি বহু অনুৰাগীয়ে।

ইপিনে ৰাইজৰ হিয়াৰ আমঠু শিল্পীগৰাকীক শুভেচ্ছা জনাই শিল্পীসকলে প্ৰস্তুত কৰিছে এটি বিশেষ ভিডিঅ’। ভিডিঅ’টোৰ জৰিয়তে জন্মদিনৰ ওলগ জনাইছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভাদ আলী, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, দীক্ষু, ধিং এক্সপ্ৰেছ হিমা দাসকে ধৰি কেইবাগৰাকীও শিল্পীয়ে।

‘নিয়মীয়া বাৰ্তা’ ৰ তৰফৰ পৰাও জনপ্ৰিয় শিল্পীগৰাকীলৈ জনাইছো ওপজা দিনৰ অযুত শুভকামনা।

ইপিনে জুবিনৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীৰ ন-পুৰণি গীতেৰে এক Mashup ভিডিঅ’ প্ৰস্তুত কৰিছে এজন অনুৰাগীয়ে। শুনক এই গীতৰ Mashup ভিডিঅ’ –

FeaturedZUBEEN GARG