গোলাঘাটত ভিজিলেঞ্চৰ জালত সামাজিক বনানিকৰণ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাস

বিশেষ বাৰ্তা, ২০ জুনঃ ঠিকাৰ বিল আদায় দিয়াৰ নামত ঘোচ বিচাৰি আজি ভিজিলেঞ্চ এণ্ড এন্টিকৰাপছনৰ হাতত ধৰা পৰে গোলাঘাট জিলাৰ সামাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাস। গুৱাহাটীৰ পৰা অহা ভিজিলেঞ্চ এণ্ড এন্টিকৰাপছনৰ এটা দলে আজি দিনৰ প্ৰায় দুই বজাত বন সংমণ্ডলৰ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাসক ঘোচ লৈ থকা অৱস্থাত হাতে লোটে কাৰায়ত্ত কৰিবলৈ সক্ষম হয়। এক বিশেষ সূত্ৰে জানিব পৰা মতে জোনাকী নগৰস্হিত সামাজিক বনানিকৰণ এই সংমণ্ডল কাৰ্যালয়ৰ গাতে লাগি থকা এখন নাৰ্চাৰীৰ ঠিকা কৰা এজন ঠিকাদাৰক ধন আদায় দিয়াৰ নামত বন বিষয়া জ্ঞান ৰঞ্জন দাসে ধন দাবী কৰিছিল। প্ৰায় ২০ লক্ষাধিক টকাৰ এই ঠিকাৰ অন্তিম বিলখন প্ৰস্তুত কৰি ধন আদায় দিয়াৰ বাবদ বন বিষয়াগৰাকীয়ে ঠিকাদাৰ গৰাকীৰ পৰা মুঠ তিনি লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে,ধৃত বন বিষয়া গৰাকীয়ে ঠিকাদাৰ গৰাকীৰ বিল প্ৰস্তুত কৰা সময়ত ১,২৫,০০০ টকা আৰু বিলৰ ধন মুকলি হোৱাৰ পাছত বাকী ১,৭৫০০০ হাজাৰ টকা আদায় দিৱলৈ ঠিকাদাৰ গৰাকীৰ সৈতে দৰ দাম কৰিছিল। পাছত ঠিকাদাৰ গৰাকীয়ে এই সমগ্ৰ ঘটনা ভিজিলেঞ্চ এণ্ড এন্টিকাৰাপছনৰ বিভাগক অৱগত কৰোৱাত বিভাগটোৱে পৰিকল্পনা কৰি আজি ঘোচখোৰ বন বিষয়া গৰাকীক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। মন কৰিবলীয়া যে আজি দিনটো নিজ কাৰ্যালয়তে থকা বন বিষয়া জ্ঞান ৰঞ্জন দাসে দুপৰীয়া নিজা বাসভৱনলৈ উভতি আহি ঠিকাদাৰ গৰাকীৰ পৰা ঘোচ লৈছিল। সেই সময়তে ভিজিলেঞ্চ এণ্ড এন্টিকৰাপছনৰ এগৰাকী উপ আৰক্ষী অধীক্ষক আৰু দুগৰাকী পৰিদৰ্শকৰ নেতৃত্বত অহা ৮ জনীয়া এটা দলে ঘোচ লোৱা টকাসহ বন বিষয়া জ্ঞান ৰঞ্জন দাসক আটক কৰে। ইয়াৰোপৰি, ভিজিলেঞ্চৰ দলটোৱে বন বিষয়া জ্ঞান ৰঞ্জন দাসৰ চৰকাৰী বাসগৃহতো তন্ন তন্নকৈ তালাচী চলোৱাৰ লগতে কেইবাঘন্টা ধৰি মাৰাথান জেৰা অব্যাহত ৰাখে। ইফালেদি, গুৱাহাটীৰ বেলতলাৰ নিৱাসী জ্ঞান ৰঞ্জন দাস বিগত দুটা বৰ্ষৰ পূৰ্বে গোলাঘাট জিলাৰ সামাজিক বনানিকৰণ বিভাগৰ প্ৰাধিকাৰী হিচাপে যোগদান কৰিছিল বুলি জানিব পৰা গৈছে। নিশা ভিজিলেঞ্চৰ দলটোৱে ধৃত বন বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ যাব আৰু কাইলৈ বিশেষ আদালতত হাজিৰ কৰিব ।

প্ৰেৰক দিগন্ত কুমাৰ বৰা

Featured