ছ’চিয়েল মিডিয়াত ‘কা’ বিতর্কতকৈ বেছিকৈ চলিছে বুলেটৰ প্রসংগ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ছাত্রীক স্কুটী দিয়াৰ পাছত ছাত্রসকলক বুলেট দিয়াৰ প্রসংগই ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা লাভ কৰিছে৷ আজি গুৱাহাটীত এখন সংবাদ মেলত সাংবাদিকে এই বিষয়টো মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৃষ্টিগোচৰ কৰাত তেওঁ কয় যে চৰকাৰ আহিলে সেইসকল ছাত্রৰ বাবে কিবা এটা কৰিব লাগিব৷ দিয়াৰ কথা ওলাইছে যিহেতু কিবা এটা দিব লাগিব৷ কাকো অসন্তুষ্ট কৰা নহয়৷ স্কুটীত ভয়ানক দুর্ঘটনা নহয়৷ কিন্তু বুলেটত দুর্ঘটনা হ’লে গুৰুতৰ হয়৷ সেয়ে বুলেট দিব লাগিব নে স্প্লেণ্ডাৰ দিব, কি ৰঙৰ দিব, পাছৰ ছিটত ল’ৰা বহিব নে ছোৱালী বহিব, হেলমেট পিন্ধিব নে নাই, সেইবোৰ কথা তেওঁ সুধি আছে৷ কিছুমানে কৈছে– পৰীক্ষাত ফেল কৰিলেও দিব লাগিব, কিছুমানে কৈছে ফাষ্ট ডিভিজন পালে দিব লাগিব, কিছুমানে কৈছে থার্ড ডিভিজন পোৱাসকলৰ কি হ’ব? সেয়ে তেওঁ নির্বাচনী প্রচাৰৰ সময়ত এই বিষয়বোৰ আলোচনা কৰিব৷ অৱশ্যে নতুন চৰকাৰ আহিলে কিবা নহয় কিবা এটা পাব৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে ‘কা’ বিতর্কতকৈ বুলেটৰ কথা ছ’চিয়েল মিডিয়াত বেছি চলি আছে৷