দিল্লী এৰি ৰাজস্থানত বাহৰ ছোনিয়াৰ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ভয়াৱহ বায়ু প্রদূষণ৷ এই বায়ু প্রদূষণৰ ফলত অসুস্থতা বৃদ্ধি পাব পাৰে প্রাক্তন কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ৷ সেইবাবে চিকিৎসকৰ পৰামর্শ লৈ দেশৰ ৰাজধানী ত্যাগ কৰি ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ গৈছে ছোনিয়া গান্ধীয়ে৷ নির্বাচনমুখী জয়পুৰত কিছুদিন জিৰণি ল’ব পাৰে নেত্রীগৰাকীয়ে৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ডৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি দিল্লীত এয়াৰ কোৱালিটী ইনডেক্স বা এ কিউ আই আজি ৪০০ৰ ওচৰাউচৰি৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এয়া অতি বিপজ্জনক৷ উল্লেখনীয় যে দীপাৱলীৰ পিছতে দেশৰ ৰাজধানী দিল্লীত বায়ু প্রদূষণৰ মাত্রা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷

#বাৰ্তা ডেস্ক

Featured