দক্ষিণ আফ্ৰিকাত ২০২৪ৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ শ্ৰীলংকাৰ ক্ৰিকেট বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। ২০২৩ চনৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল শ্ৰীলংকাৰ দলটোৱে। এতিয়া আৰু এটা অসুবিধা বাঢ়িছে। শ্ৰীলংকাৰ পৰা অনূৰ্ধ্ব-১৯ বিশ্বকাপ ২০২৪ৰ আয়োজক কাৰ্যসূচী কাঢ়ি লৈছে আইচিচিয়ে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত চলি থকা অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এতিয়া আইচিচিয়ে আতিথ্য প্ৰদানৰ দায়িত্ব দক্ষিণ আফ্ৰিকাক অৰ্পণ কৰিছে। এই সন্দৰ্ভত আইচিচিয়ে দীঘলীয়া বৈঠক অনুষ্ঠিত কৰে আৰু অৱশেষত সিদ্ধান্ত লোৱা হয় যে আতিথ্য দক্ষিণ আফ্ৰিকাক দিয়া হ’ব। অহা বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত আয়োজন কৰা হ’ব ১৯ বছৰ অনূৰ্ধ বিশ্বকাপ ২০২৪। ইয়াৰ পূৰ্বে ২০২৩ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰীয়ে সমগ্ৰ ব’ৰ্ডক বৰ্খাস্ত কৰিছিল। ইয়াক ব’ৰ্ডত চৰকাৰী হস্তক্ষেপ বুলি গণ্য কৰি আইচিচিয়ে শ্ৰীলংকাৰ ব’ৰ্ডক নিলম্বন কৰে। এতিয়া শ্ৰীলংকাই দ্বিতীয়টো আঘাতৰ সন্মুখীন হৈছে। ক্ৰিকবাজৰ খবৰ অনুসৰি শ্ৰীলংকাৰ ব’ৰ্ডত চলি থকা অনিশ্চয়তাৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৪ৰ আয়োজন দক্ষিণ আফ্ৰিকাৰ হাতত অৰ্পণ কৰা হৈছে। শ্ৰীলংকাৰ ব’ৰ্ডক নিলম্বন কৰাৰ সিদ্ধান্ত এতিয়াও বজাই ৰাখিছে আইচিচিয়ে। যোৱা ১০ নৱেম্বৰত শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক নিলম্বন কৰা হৈছিল।

#বাৰ্তা ডেস্ক

Featured