দুৰ্গাপূজাৰ পূৰ্বে শিলচৰত চান্দাক লৈ গুণ্ডাগিৰিৰি অভিযোগ

🔹 অভিযোগ অস্বীকাৰ দক্ষিণ অম্বিকাপুৰ শ্মশান ৰোড দুৰ্গাপূজা সমিতিৰ

নিয়মীয়া বাৰ্তা,  ৩০ ছেপ্টেম্বৰ : পূজাৰ আগেয়ে শিলচৰ চহৰত চান্দাক লৈ কালি নিশা এক মাৰপিটৰ ঘটনা সংঘটিত হয়। অম্বিকাপট্টি পইণ্টৰ এগৰাকী চাহ দোকানৰ মালিকে দাবী অনুসৰি পূজা কমিটীৰ দাবী হিচাপে ধন নিদিয়াৰ বাবে পূজা সমিতিয়ে দোকানখনত আক্ৰমণ কৰাৰ কৰে। দোকানখনৰ মালিকে সদৰ থানাতো গোচৰ ৰুজু কৰে। অৱশ্যে দক্ষিণ অম্বিকাপুৰ শ্মশান ৰোড দুৰ্গাপূজা সমিতিৰ বিষয়াসকলে দোকানৰ মালিকৰ অভিযোগ খণ্ডন কৰে। চান্দাৰ লগত এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি কয়। দেওবাৰে সন্ধিয়া অম্বিকাপট্টি পইণ্টত সংঘটিত হয় এই অৰাজকতা। একাংশ যুৱকে চাহৰ দোকান ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাৰ পিছত সদৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ পিছত দুয়োপক্ষই  অভিযোগ দাখিল কৰে। স্থানীয় চাহ দোকানৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পূজা কমিটীৰ বিষয়াসকলে আহি তেওঁৰ পৰা পাঁচ হাজাৰ টকা দাবী কৰে। দাবী অনুসৰি ধন নিদিয়া বাবে সদস্যসকলে তেওঁক আক্ৰমণ কৰে। তেওঁ দোকান ভাঙি-ছিঙি মহিলা গ্ৰাহকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত তেওঁ সদৰ থানাত সকলো বিষয় উল্লেখ কৰি এজাহাৰ দাখিল কৰে। ইফালে, পূজা সমিতিৰ বিষয়া অভি ধৰে কয় যে দেওবাৰে সন্ধিয়াৰ ঘটনাৰ লগত চান্দাৰ কোনো সম্পৰ্ক নাই। তেওঁ কয় যে শনিবাৰে সন্ধিয়া চানমাৰীৰ পৰা এই মূৰ্তিটো আনিছিল।  উল্লাস্কাৰ দত্ত পথ আৰু প্ৰেমতলা পইণ্টৰ মাজেৰে তিনিখন লৰীৰে মণ্ডপলৈ আনিছিল এই মূৰ্তি। পূজা সমিতিৰ আন সদস্যসকলে বাইক আৰু ই-ৰিক্সা চলাই থকাৰ সময়তে অম্বিকাপট্টি পইণ্টত উপস্থিত হোৱাৰ পিছত যান-জঁটৰ সৃষ্টি হয়। সেই চাহ দোকানখনৰ সন্মুখত বাইক এখন আঁতৰাবলৈ কোৱাত দোকানৰ মালিকে খং কৰি কয় যে তেওঁ নিজৰ গ্ৰাহকৰ বাইকখন আঁতৰাব নোৱাৰে। তেতিয়াই দোকানৰ মালিক আৰু সদস্যৰ মাজত তৰ্ক হ’ল। তাৰ পিছত সৃষ্টি হয় এক  অৰাজক পৰিস্থিতি। ধৰে কয়- এই ঘটনাৰ লগত চান্দাৰ কোনো সম্পৰ্ক নাই। কাৰণ তেওঁলোকৰ পৰা ন্যূনতম বৰঙণি বিচৰা হৈছে আৰু যুৱক অৰ্থাৎ দোকানৰ মালিকে ৭০০ টকা দিম বুলি লিখিছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured