উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : ইতিহাস প্ৰসিদ্ধ ৰতনপুৰ অঞ্চলত ১৯৭৩ চনতে প্ৰতিষ্ঠা লাভ কৰা মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ মূল মণ্ডপৰ লাইখুঁটা আজি স্থাপন কৰা হয়৷ আজি দুপৰীয়া ১২ বজাত মহাবিদ্যালয়খনৰ খেলপথাৰত মাংগলিক অনুষ্ঠানৰ জৰিয়তে মাজুলী সমষ্টিৰ বিধায়ক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভুবন গামে মণ্ডপৰ লাইখুঁটা স্থাপন কৰে ৷ অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ টাহু, বৰ্তমানৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য নীলকান্ত দলে, অঞ্চলৰ ভালেসংখ্যক বয়োজ্যেষ্ঠ ব্যক্তি, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ বিষয়ববীয়া, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷ লাইখুঁটা স্থাপনৰ পিছতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই সংবাদ মেল সম্বোধন কৰি চলিত মাহৰ ২৩ আৰু ২৪ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে৷ সেই অনুসৰি ২৩ ডিচেম্বৰৰ পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন, সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলনৰ লগতে বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশখন পতাকা উত্তোলন কৰা হ’ব৷ পুৱা ৯.৪৫ বজাত শ্বহীদ তৰ্পণ, পুৱা ১০ বজাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে ১১ বজাত প্ৰদৰ্শনী আৰু চিত্ৰাংকন প্ৰতিযোগিতা শুভাৰম্ভ আৰু ১১.৩০ বজাত নাসিক চিত্ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব চিত্ৰশিল্পী শিৰোমণি দলে৷ দুপৰীয়া ১২ বজাৰ পৰা পৰিৱৰ্তিত উচ্চ শিক্ষা ব্যৱস্থা : প্ৰত্যাহ্বান আৰু প্ৰস্তুতি সম্পৰ্কে শৈক্ষিক বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব৷ মাজুলী পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথে উদ্বোধন আৰু মাজুলী মহাবিদ্যলয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই সঞ্চালনা কৰিব লগা বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব শিৱসাগৰ বাণিজ্য মহাবিদ্যলয়ৰ অধ্যক্ষ তথা অধ্যক্ষ পৰিষদ (অসম)ৰ সভাপতি ড০ সৌমাজ্যোতি মহন্তই৷ ইয়াৰ পিছতে আবেলি ৩ বজাত সংগীতানুষ্ঠান, ৫.৩০ বজাত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ অন্তত সন্ধিয়া ৭.৩০ বজাৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব৷ সেইদৰে ২৪ ডিচেম্বৰৰ পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, ৮.৩০ বজাত গছপুলি ৰোপণ আৰু পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব পদ্মশ্ৰী ড০ হেমচন্দ্ৰ গোস্বামীয়ে৷ দুপৰীয়া ১২ বজাত মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, শিক্ষক-কৰ্মচাৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷ মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা, তপন গগৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল উপস্থিত থাকিব বুলি মহ্যবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে৷ লগতে মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি বিভিন্ন স্থানত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক দুয়ো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে সহযোগিতা কামনা কৰিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফণীধৰ টাহুৱে৷

প্ৰেৰক ৰূপজ্যোতি বৰা

Featured