শান্তিপূৰ্ণ ঈদ পালনৰ তৎপৰতাৰে মন্দিৰা আৰক্ষী চকীত বিশেষ সভা

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ কাইলৈ উদযাপন কৰা হ’ব ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদোজ্জোহা উৎসৱ। পবিত্ৰ উৎসৱটিক শান্তিপূৰ্ণভাবে উদযাপন কৰাৰ বাবেই আজি কামৰূপৰ বকো  থানাৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ তৎপৰতাত অঞ্চলটোৰ গাঁওপ্ৰধান, গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক আৰু আৰক্ষী চকীৰ অন্তৰ্গত প্ৰতিখন ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে অঞ্চলটোৰ কেবাগৰাকীকৈ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত এক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত ছমৰীয়া-সোনতলী মণ্ডল বিজেপিৰ সভাপতি নিগমানন্দ ঠাকুৰীয়াও উপস্থিত থাকে। আৰক্ষী বিষয়া গোস্বামীয়ে উপস্থিত সকলোলৈকে পবিত্ৰ ঈদোজ্জোহা উসৱটি শান্তিপূৰ্ণভাবে উদযাপন কৰি সমাজলৈ প্ৰেম আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাবলৈ আহ্বান জনায়। যিকোনো অপ্ৰীতিকৰ ঘটনাৰ উমান পালেই ততালিকে আৰক্ষীক অৱগত কৰোৱাৰ আহ্বান জনাই তেনে যিকোনো পৰিস্থিতিৰ মোকামিলা কৰাৰ বাবে আৰক্ষী সদাসষ্টম থাকিব বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। প্ৰায় শতাধিক লোকৰ অংশগ্ৰহণেৰে আয়োজিত আজিৰ এই সভাতেই অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজক সাঙুৰি এক শান্তি কমিটিও গঠন কৰা হয়। সভাত নিজৰ নিজৰ ভাষণ কালত প্ৰতিগৰাকী বক্তাই পবিত্ৰ ঈদোজ্জোহা উৎসৱটিয়ে ৰাইজৰ অপায়-অমঙ্গল আঁতৰ কৰি সমাজত এক শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠাৰ লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল বৃহত্তৰ মন্দিৰা অঞ্চলত পৰম্পৰাগত উচাহ-উদ্দীপনাৰে পবিত্ৰ উৎসৱটিক শান্তিপূৰ্ণভাবে পালনৰ সংকল্প গ্ৰহণৰ অন্তত সভা ভঙ্গ কৰা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured