স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ তৃতীয় বৰ্ষপূৰ্তি পালন

বিশেষ বাৰ্তা, ২৯ এপ্ৰিল : কামৰূপ জিলাৰ ক্ৰীড়াক্ষেত্ৰখনলৈ বহু ব্যতিক্ৰমী পৰিকল্পনাৰে এক বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হোৱা স্পৰ্টছ একাডেমী অফ শুৱালকুছিয়ে সফলতাৰে ৩টা বৰ্ষ অতিক্ৰম কৰিলে। তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি কালি শুৱালকুছিৰ শ্ৰীমন্ত শংকৰ নাটঘৰত ‘আহা আমি খেলো’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। শুৱালকুছি ইশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত শুৱালকুছিৰ উদীয়মান কন্ঠশিল্পী নিপল দাসে বৰগীত পৰিবেশন কৰে। তাৰ পিছতেই শুৱালকুছিৰ প্ৰয়াত বিশিষ্ট সমাজসেৱক তথা ক্ৰীড়া সংগঠক ৰামচৰণ বৈশ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক হেমন্ত কলিতাই। আনহাতে ‘আহা আমি খেলো’ শীৰ্ষক অনুষ্ঠানতেই একাডেমীখনৰ ২০২১-২০২৪ বৰ্ষৰ কিছু কৰ্মৰাজি তথা ফলাফলৰ তথ্যভিত্তিক ৰিপৰ্টকাৰ্ড উন্মোচন কৰে উত্তৰ কামৰূপ জিলা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি ৰাজীৱ দাসে। ৰিপৰ্টকাৰ্ড উন্মোচন কৰি ৰাজীৱ দাসে ভাষন প্ৰসংগত উল্লেখ কৰে যে একাডেমীখনে খেলৰ প্ৰশিক্ষনৰ ব্যৱস্থা আগবঢ়াই নৱপ্ৰজন্মক সাম্প্ৰতিক সময়ৰ বহু ভয়াবহ দিশৰ পৰা দূৰত ৰাখিছে। ইপিনে এই অনুষ্ঠানত চলিত বৰ্ষৰ পৰা প্ৰয়াত বিশিষ্ট সমাজসেৱক ৰামচৰন বৈশ্যৰ সোঁৱৰণত পৰিয়ালে দুটাকৈ বঁটা আগবঢ়ায়। ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে একাডেমীখনৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ডিম্পী মেধিয়ে আৰু বৰ্ষটোৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰে একাডেমীখনৰ ছাত্ৰ তথা ৰাজ্যিক পৰ্যায়ৰ এথলীট দীপ দাসে। ‘আহো আমি খেলো’ শীৰ্ষক অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠী,পেৰাঅলিম্পিক সন্থা অসমৰ সম্পাদক ৰাজীৱ দে,এন আই এচ এথলেটিকছ প্ৰশিক্ষক নৱজিত মালাকৰ,ফুটবল প্ৰশিক্ষক প্ৰশান্ত ভড়ালী,জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা,কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া পংকজ ভড়ালী, বিশিষ্ট সমাজসেৱক হেমন্ত ভড়ালী, দিগন্ত কলিতা,সমীৰণ দাস আৰু ক্ৰীড়া সাংবাদিক চিন্ময় বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি। মত বিনিময়ৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিবেশন কৰাৰ লগতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জ্যোতিপলে গীত পৰিবেশন কৰে।

প্ৰেৰক দিলীপ মেধি

Featured