বিটিআৰৰ প্রাণকেন্দ্রতেই হাগ্রামাক ঘেৰাৰ প্রস্তুতি বিজেপিৰ

কোকৰাঝাৰত শীর্ষ নেতৃত্বৰ উপস্থিতিৰে এছ টি মর্চাৰ কার্যনির্বাহক

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ বিজেপিৰ সদ্যঘোষিত ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ প্রথমখন কার্যনির্বাহক সভা অহা ১৩–১৪ অক্টোবৰত দুদিনীয়া কার্যসূচীৰে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অনুসূচিত জনজাতি মর্চাৰ এই ৰাজ্যিক কার্যনির্বাহক সভাখনৰ বাবে ইতিমধ্যে সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷

সভাত ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ ৩৯খন জিলা সমিতিৰ ডেৰ শতাধিক সদস্যই অংশগ্রহণ কৰিব বুলি ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ মিডিয়া কোষৰ আহ্বায়ক সঞ্জয় সোণোৱালে জানিবলৈ দিয়ে৷ ৰাজ্যিক কার্যনির্বাহকত ৰাজনৈতিক প্রস্তাৱ গ্রহণৰ লগতে আত্মনির্ভৰশীল ভাৰত আৰু অসম নির্মাণ তথা খিলঞ্জীয়া ভূমিপুত্রৰ অধিকাৰ, জনজাতি লোকসকলৰ সাংবিধানিক ৰক্ষাকৱচ, জন্মগত অধিকাৰ আৰু অসম নির্মাণৰ ওপৰত প্রস্তাৱ গ্রহণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷

কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা জনকল্যাণমূলক আঁচনিসমূহ হিতাধিকাৰীসকলৰ ওচৰলৈ লৈ যোৱা, পিছপৰা গ্রাম্য অঞ্চলৰ সমাজ ব্যৱস্থা উন্নয়নৰ হকে কাম কৰা, যুৱপ্রজন্মৰ বাবে কার্যপদ্ধতি সংগঠন সংৰচনা আৰু ব্যক্তিত্ব বিকাশ তথা জনজাতীয়সকলৰ সামগ্রিক উন্নয়নৰ বাবে কাম কৰা ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷

দ্বিতীয় দিনা অর্থাৎ ১৪ অক্টোবৰৰ দুপৰীয়াৰ ভাগলৈকে অনুষ্ঠিত হ’ব লগা এই কার্যনির্বাহক সভালৈ ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা প্রতিনিধিৰ আগমন ঘটিছে৷ সভাৰ প্রথম দিনা দিনৰ ২.৩০ বজাত ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে উদ্বোধনী ভাষণেৰে শুভাৰম্ভ কৰিব লগা এই সভাত নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক মন্ত্রী চুম ৰংহাং, ৰাজ্যিক সাধাৰণ সম্পাদক তথা তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাস আৰু অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব৷

দ্বিতীয় দিনা মার্গ দর্শন কার্যসূচীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী নৱ দলে, উত্তৰ–পূব ক্ষেত্রীয় সাংগঠনিক সম্পাদক অজয় জামোৱাল, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, বিধায়ক পদ্ম হাজৰিকাকে ধৰি দলৰ আন বহুতো শীর্ষ পর্যায়ৰ নেতা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে বিটিচি নির্বাচনক কেন্দ্র কৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আৰু বিজেপিৰ সম্পর্ক অহি–নকুল হৈ পৰিছে৷

বিটিএডিৰ বাহিৰৰ বহুসংখ্যক বড়ো নেতাক কালি বিজেপিত যোগদান কৰাই বিজেপিয়ে ইতিমধ্যে বিপিএফৰ প্রয়োজনীয়তা অস্বীকাৰ কৰিছে৷ এনে পৰিস্থিতিত কোকৰাঝাৰত বিজেপিৰ অনুসূচিত জনজাতি মর্চাৰ ৰাজ্যিক কার্যনির্বাহক অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বৰ সমাৱেশ অনুষ্ঠিত কৰি বিপিএফক মুখামুখি প্রত্যাহ্বান জনাবলৈ সাজু হৈছে গেৰুৱা দলটো৷