বকোত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক আটক এছটিএফৰ

নিয়মীয়া বাৰ্তা, ৯ মে’ : কামৰূপ জিলাৰ বকোত আজি পুৱতি নিশা এছটিএফে অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। এছটিএফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে এখন এল্টো বাহনত বৃহৎ পৰিমাণৰ হেৰ’ইন লৈ বকোত বিক্ৰী কৰিবলৈ আহি থকাৰ গোপন খবৰ লাভ কৰি বকো আৰক্ষী থানাৰ সমীপত বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথৰ সহযোগত পুৱাৰ ভাগত অভিযান চলাই এল্টো বাহনসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এছটিএফৰ এই অভিযানত এল্টো বাহনখনত লুকুৱাই ৰখা অৱস্থাত ভিতৰৰ পৰা ৪২০ গ্ৰাম ওজনৰ ৩০ পেকেট হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। হেৰ’ইনখিনি সৰবৰাহ কৰা এ এছ-০১ এফ ডব্লিউ-০১৭০ নম্বৰৰ এল্টো বাহনখনো জব্দ কৰিছে এছটিএফে। হেৰ’ইনখিনি সৰবৰাহ কৰা সৰবৰাহকাৰী দুজন বৰপেটা জিলাৰ গৰৈমাৰীৰ কাবেলুদ্দিন আৰু চাবুৰ আলী বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি, হেৰ’ইনখিনি সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক ইতিমধ্যে এছটিএফে আটক কৰি গুৱাহাটীস্থিত কাৰ্যালয়লৈ লৈ গৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰীতম বায়ন

Featured