কঠোৰ মুখ্যমন্ত্ৰী : মন্ত্ৰী-চৰকাৰী বিষয়াক প্ৰিপেইড বিদ্যুতৰ মিটাৰ লগোৱাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ ঘোষণা ছচিয়েল মিডিয়াত সদৰী কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা চৰকাৰী বিষয়া তথা মন্ত্ৰীৰ বাসগৃহতো প্ৰিপেইড বিদ্যুতৰ মিটাৰ লগাবলৈ নিৰ্দেশ দিয়া হৈছে। ছচিয়েল মিডিয়াত দিয়া তেওঁৰ পোষ্টৰ ভাষ্য এনেধৰণৰ- শেহতীয়াকৈ শক্তি বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মোক প্ৰথমবাৰৰ বাবে জনোৱা হৈছিল যে মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ মাহিলি বিদ্যুৎ বিল কৰ্তন কৰা হয়। লগে লগে মই বিভাগক নিৰ্দেশ দিলোঁ যে মন্ত্ৰীৰ কলনীত থকা বাসগৃহকে ধৰি প্ৰতিটো চৰকাৰী কোৱাৰ্টাৰত ব্যক্তিগত প্ৰিপেইড মিটাৰ স্থাপন কৰিব লাগে। এই ব্যৱস্থাৰ লক্ষ্য হৈছে মন্ত্ৰী, বিষয়া, বা চৰকাৰী কৰ্মচাৰীয়ে যাতে কোনো ধৰণৰ ৰাজসাহায্যযুক্ত ক্ষমতা লাভ নকৰে।

Featured