উদঙীয়া গৰু-দীৰ্ঘ সময় পাৰ্কিং জ’ন ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ পৌৰসভা

📌 এছএমবি নম্বৰ প্লেটযুক্ত ই-ৰিক্সাক নতুন পঞ্জীয়ন নম্বৰ সংগ্ৰহৰ কঠোৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা,  ৩০ জুলাই : শিৱসাগৰ চহৰাঞ্চলত দীৰ্ঘ সময় ধৰি ব্যাপক সমস্যাৰ সৃষ্টি কৰাৰ লগতে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈ অহা গৰাকীবিহীন উদঙীয়া গৰুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ পৌৰসভা ৷ চহৰখনৰ মাজমজিয়াত জাক পাতি বিচৰণ কৰি স্বাভাৱিক যাতায়াত বিঘ্নিত কৰি অহা গৰাকীবিহীন গৰুৰ বিৰুদ্ধে পলমকৈ হ’লেও পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ৷ পৌৰসভাৰ তৰফৰ পৰা ৰাজহুৱা কৰা এখন লিখিত জাননীত শীঘ্ৰে পৌৰ এলেকাত বিচৰণ কৰা গৰুৰ গৰাকীক নিজৰ নিজৰ গৰুসমূহ গোহালি, পথাৰ অথবা আন সুৰক্ষিত স্থানত ৰাখিবলৈ অনুৰোধ জনাইছে ৷ অহা ১০ আগষ্ট অন্তিম সময়সীমা বান্ধি পৌৰসভাই ইয়াৰ পিছত চহৰৰ মাজত যাতায়াত বিঘ্নিত তথা সঘন দুৰ্ঘটনাৰ কাৰক হিচাপে চিহ্নিত এনে গৰু যদি দৃষ্টিগোচৰ হয়, তেতিয়া এই উদঙীয়া গৰু জব্দ কৰি গো-শালালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আনহাতে, শিৱসাগৰ চহৰত দুচকীয়া-চাৰিচকীয়া বাহনৰ বাবে পৰ্য্যাপ্ত পাৰ্কিং আস্থানৰ অভাৱ দীৰ্ঘ সময় ধৰি সাধাৰণ ৰাইজে অনুভৱ কৰি আহিছে ৷ বিশেষকৈ দুচকীয়া-চাৰিচকীয়াৰ পাৰ্কিং আস্থানসমূহত বিভিন্ন সামগ্ৰী বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বাবে পৌৰসভাই দৈনিক কৰৰ বিনিময়ত অনুমতি প্ৰদান কৰাত যান-বাহনৰ বিপৰীতে পাৰ্কিং আস্থানসমূহত ঠাইৰ অভাৱ ঘটিছে ৷ একাংশ পাৰ্কিং আস্থান কাৰ্যতঃ ই-ৰিক্সাৰ অঘোষিত আস্থানলৈ পৰ্য্যবসিত হোৱাৰ লগতে চহৰৰ কেউটা পাৰ্কিং আস্থান বহু ব্যৱসায়ী পৰিয়ালে নিজৰ নিজৰ ব্যক্তিগত আৰু বাণিজ্যিক বাহন পুৱাৰ পৰা নিশালৈকে ৰাখি থৈ ৰাইজক ব্যাপক সমস্যাৰ মাজলৈ ঠেলি দিছে ৷ প্ৰশাসন-পৌৰসভাৰ চকুৰ সন্মুখতেই এনেদৰে পাৰ্কিং আস্থানত চলি থকা বেদখল সন্দৰ্ভত সচেতন মহলৰ অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমত তথ্যভিত্তিক বাতৰি প্ৰকাশ পাইছিল ৷ অৱশেষত পৌৰসভাৰ শেহতীয়া জাননীত ১০ আগষ্টৰ ভিতৰত এনেদৰে পাৰ্কিং আস্থান দিনে-নিশাই দখল কৰা যান-বাহনৰ গৰাকীক বাহনসমূহ সেই স্থানৰ পৰা আঁতৰাবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ৷ অন্যথা পৌৰ আইনৰ অধীনত এনে বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰিছে ৷ ইফালে, শিৱসাগৰৰ স্বাভাৱিক যাতায়াত স্থবিৰ কৰি তোলা সহস্ৰাধিক বেটাৰীচালিত ই-ৰিক্সাক নাকী লগাবলৈ পৌৰসভাই গ্ৰহণ কৰিছে আন এক কঠোৰ পদক্ষেপ ৷ এই পদক্ষেপ অনুসৰি পৌৰ এলেকাত চলাচল কৰা এছ এম বি পঞ্জীয়নভুক্ত ই ৰিক্সাসমূহক ১ আগষ্টৰ পৰা নতুন পঞ্জীয়ন নম্বৰ পৌৰসভাৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছে ৷ অহা ১০ আগষ্টৰ পিছত এছ এম বি নম্বৰ প্লেটযুক্ত কোনো ই-ৰিক্সা চহৰাঞ্চলত চলিবলৈ দিয়া নহ’ব বুলি বিবৃতিটোত পৌৰসভাই স্পষ্ট কৰি দিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured