উজনি অসমত ৰাজনৈতিক দল গঠনৰ উকমুকনি

টাইপাৰ কাৰ্যনিৰ্বাহকত শক্তিশালী বিকল্প ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ আজি দুলীয়াজান সাহিত্য সভা ভৱনত টাই আহোম যুৱ পৰিষদ অসম, নাহৰকটীয়া মহকুমা সমিতিৰ আতিথ্যত কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰাই। কেইবাজনো কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এটা শক্তিশালী বিকল্প ৰাজনৈতিক শক্তি উত্থানৰ চিন্তা-চৰ্চাৰে ১৫ জনীয়া ৰাজনৈতিক পৰামৰ্শদাতা সমিতি গঠন কৰা হয় উক্ত সভাতে। টাইপাৰ তিনিগৰাকী উপদেষ্টা সহ আন বিভিন্ন স্তৰত কাম কৰি অহা বাৰগৰাকী বিশিষ্ট ব্যক্তি থকা এই পৰামৰ্শদাতা সমিতিয়ে অহা তিনিমাহৰ ভিতৰত এক নতুন ৰাজনৈতিক ৰূপৰেখাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব। কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সভাপতি দিগন্ত তামুলীয়ে কয় যে বিজেপিশাসিত চৰকাৰে জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণা কৰি আহিছে। জনজাতিকৰণৰ দাবীত টাইপাই ইতিমধ্যে ধৰ্ণা কাৰ্যসূচী, অৱস্থান ধৰ্মঘট, পুত্তলিকা দাহ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইক্ষেত্ৰত জনসাধাৰণক অধিক সজাগতা কৰাৰ উদ্দেশ্যে অহা ডিচেম্বৰ মাহত সমগ্ৰ অসমজুৰি বাইক ৰেলী আৰু পদযাত্ৰা উলিয়াব টাইপাই। ইয়াৰোপৰি অহা নৱেম্বৰ মাহত একলাখ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব সংগঠনটোৱে। লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে টাই আহোমসকলৰ ৰাজনৈতিক শক্তি উত্থানৰ বাবে এক ৰাজনৈতিক ৰূপৰেখা তৈয়াৰ কৰিব বাবে আজি ১৫জনীয়া পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছে। এই পৰামৰ্শদাতা সমিতিয়ে টাই আহোমৰ বৰ্ধিত ৰাজনৈতিক শক্তিৰ বিষয়ে ৰূপৰেখা তৈয়াৰ কৰি দিব। কেন্দ্ৰীয় নেতাগৰাকীয়ে পুনৰ কয় যে অসমৰ পৰা ১৫/১৮গৰাকী আহোম বিধায়ক হিচাপে জিকাব পৰা পৰিৱেশ আছে। কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ ফলত ৪/৫জন বিধায়কহে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। অসমত এনে এটা ৰাজনৈতিক পৰিৱেশ আছিল য’ত আহোমৰ ১১/১২গৰাকী বিধায়ক জয়ী হৈ আহিছিল। সেয়ে অনাগত দিনত অসম বিধানসভাত নূন্যতম ১৫গৰাকী বিধায়ক থাকিব পৰাকৈ এক বিকল্প ৰাজনৈতিক ৰূপৰেখা তৈয়াৰ কৰিব বিচাৰে টাইপা সংগঠনটোৱে। আজি কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে মুখ্য উপদেষ্টা দিলীপ গগৈ, কাৰ্যকৰী সভপতি ভৃগু হাতিমুৰীয়া, যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰা, শোভন কোৱঁৰ, সহকাৰী সাধাৰণ সম্পাদক চন্দ্ৰ কমল ফুকন, মুখপাত্ৰ মানস প্ৰতিম গগৈ।

প্ৰেৰক কৃষ্ণা গগৈ

Featured