নিয়মীয়া বার্তা, বকো, ২৪ জুনঃ সংখ্যালঘু ছাত্র বৃত্তিৰ ধন আত্মসাৎ কৰি বকোৰ ডেকাচং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষককে ধৰি তিনিজন লোক আটক হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক আমিনুল হকে সহঃ শিক্ষক, বিদ্যালয় পৰিচালনা কমিটীৰ সৈতে মিলি সংখ্যালঘু ছাত্র বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে একাংশ অভিভাৱকে৷
অভিভাৱকসকলে কৰা অভিযোগ মতে, প্রধান শিক্ষক আৰু তেওঁৰ সাংগোপাংগোক লৈ সংখ্যালঘু ছাত্র বৃত্তিৰ নামত সংঘটিত কৰিছে ব্যাপক দূর্নীতি৷ প্রধান শিক্ষকগৰাকীয়ে কেৱল সংবাদ মেল পাতি নিজৰ দোষ মোচনৰ চেষ্টা চলাই আহিছে৷
তেনে অৱস্থাতে একাংশ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আজি বকো আৰক্ষীয়ে আটক কৰে প্রধান শিক্ষক আমিনুল হক, সহঃ শিক্ষক আব্দুল আজিজ, বিদ্যালয় পৰিচালনা কমিটীৰ সভাপতি জলালউদ্দিনক৷ আন এজন অভিযুক্ত আলহাজ আব্দুল মুন্নাফ সম্প্রতি পলাতক৷ অভিযুক্ত আলহাজ আব্দুল মুন্নাফৰ ঘৰত আৰক্ষী উপস্থিত হোৱাৰ খবৰ পাই তেওঁ পলায়ন কৰে৷