গালত প্লাষ্টাৰ লগাই বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী

🔹 নৱাগত শিমলীতোলাত অচিন ৰোগত আক্ৰান্ত বহুজন : চিন্তিত অভিভাৱক

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : এক অচিন ৰোগত আক্ৰান্ত হৈছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী। এখন প্ৰাথমিক বিদ্যালয়ৰ কেইবাগৰাকীকৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক সোঁচৰা ৰোগবিধত আক্ৰান্ত হোৱাত সকলোৰে মাজত একধৰণৰ অস্থিৰতা বিৰাজ কৰিছে | গোৱালপাৰাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত নৱাগত শিমলীতোলা এন চি চিৰ দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ত প্ৰায় পষেক দিনৰে পৰা গাল ফুলা ৰোগত আক্ৰান্ত হৈছে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী | দুয়োখন গাল ফুলি উঠাৰ লগতে ডিঙিৰ বিষ, খোৱাত জটিলতা, জ্বৰ ভাব আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও জানিব পৰা গৈছে আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকল।

আনহাতে, এতিয়ালৈ চিকিৎসাৰ দিহা কৰা হোৱা নাই |সন্মুখত গুণোৎসৱ, তেনেস্থলত এই ৰোগবিধক লৈ শিক্ষকসকল চিন্তিত হৈ পৰিছে। কিয়নো ৰোগৰ এই আগ্ৰাসন অব্যাহত থাকিলে আগলৈ শিক্ষাৰ্থীৰ উপস্থিতি সেৰেঙা হ’ব! আনহাতে, ৰোগবিধ সোঁচৰা বুলিও মন্তব্য কৰে শিক্ষকসকলে। কিয়নো প্ৰথমে এজন বা দুজনৰহে হৈছিল যদিও সম্প্ৰতি কেইবাজনো আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৎপৰতাৰ আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষকসকলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured