খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২১ জুলাই : যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী খনামুখ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ  উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ  প্ৰায় ৩০জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। খনামুখ ৰিডাৰ্চ ক্লাবৰ উদ্যোগত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মাণিক গগৈয়ে আঁত ধৰা  অনুষ্ঠানত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামাখ্যা ভট্টাচাৰ্য, বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকা, ভগামুখ উচ্চ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমধৰ গগৈ, সত্ৰাধিকাৰ দেৱকুমাৰ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীণ গগৈ, কৃতী শিক্ষয়িত্ৰী মণিকা বৰুৱা, খনামুখ প্ৰেছ ক্লাবৰ সংবাদকৰ্মী গকুল বৰা, অৰুণ হাজৰিকাৰ উপৰি ৰিডাৰ্চ ক্লাবৰ দীপক নেওগ, প্ৰৱাল গগৈ, ৰাজীৱ গগৈ, বিনোদ গগৈ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । লগতে ৰিডাৰ্চ ক্লাবৰ হৈ ছাত্ৰ-ছাত্ৰীসকলক কিতাপ আৰু একোটাকৈ ট্ৰফী প্ৰদান কৰা হয়। 

প্ৰেৰক গকুল বৰা

Featured