ৰাজ্যজুৰি ওপজা দিনত সুধাকণ্ঠ বন্দনা

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ভূপেন হাজৰিকাক ওপজা দিনত সশ্রদ্ধ স্মৰণ ৰাজ্যবাসীৰ৷ ভূপেন্দ্ৰ সংগীতেৰে মুখৰ ৰাজ্যৰ আকাশ–বতাহ৷ ৯৭সংখ্যক জন্মদিনত শিল্পীগৰাকীক শ্রদ্ধা জ্ঞাপনৰ উদ্দেশ্যেৰে ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন কার্যসূচী পালন৷ সদৌ অসম ছাত্র সন্থা (আছু)ৰ উদ্যোগত আজি দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠৰ প্রতিমূর্তিস্থলীত উদ্দীপনা শীর্ষক কাৰ্যসূচী পালন কৰা হয়। সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্র সন্থাই ৯৭গছি বন্তি প্রজ্বলন কৰে৷ জালুকবাৰীস্থিত সমাধি ক্ষেত্রত বহুসংখ্যক অনুৰাগীয়ে সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত সর্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হয় পুৱা ১০ বজাত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বৰাই সমাধি ক্ষেত্রলৈ গৈ সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ উপৰিও ৰাজ্যৰ ভিন্ন প্রান্তত ভূপেন হাজৰিকাৰ স্মৰণত অনুষ্ঠান আয়োজন কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উপলক্ষে গণসংযোগকাৰীৰূপে ভূপেন হাজৰিকা শীর্ষক এখনি মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়৷  সুধাকণ্ঠৰ ওপজা দিনৰ লগত সংগতি ৰাখি ৰটাৰী ক্লাব অব গুৱাহাটীয়ে আজি ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা ঘোষণা কৰিছে৷ চলিত বর্ষৰ বাবে এই বঁটা বিশিষ্ট কবি, গীতিকাৰ, সুৰকাৰ ড০ লক্ষ্যহীৰা দাসলৈ আগবঢ়োৱা হৈছে৷ ৰটাৰী ক্লাব অব গুৱাহাটীৰ সভাপতি ডাঃ শশাংক শেখৰ দত্তই প্রকাশ কৰা অনুসৰি অহা ৫ নৱেম্বৰত ড০ লক্ষ্যহীৰা দাসক এই বঁটা প্রদান কৰা হ’ব৷

Featured