ঢেকীয়াজুলিত গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালা

🔹 বিপ্ৰ দামোদৰ ভাওনাত শিশু, কিশোৰ-কিশোৰীৰ অভিনয়ত মুগ্ধ দৰ্শক

বিশেষ বাৰ্তা, ২৩ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগস্বৰূপ ভাওনা সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ, ভাওনাৰ শুদ্ধ আৰু সম্যক জ্ঞান প্ৰদান কৰাৰ নিমিত্তে ঢেকীয়াজুলিত ১৫ দিনীয়া গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালা আৰু ভাওনা প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ সৰগম কলাকেন্দ্ৰৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সপ্তৰ্ষি লোককলা কৃষ্টি একাডেমীৰ সহযোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালাৰ অন্তত ভাওনা প্ৰদৰ্শনী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কেমেৰাৰ সন্মুখত শিশু, কিশোৰ-কিশোৰীসকলে ভাওনাৰ বচন মাতি সকলোকে অভিভূত কৰে । ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত ১৫ দিনীয়া গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু তথা কিশোৰ-কিশোৰীসকলে “বিপ্ৰ দামোদৰ” ভাওনাখনি অপূৰ্ব ৰূপত প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ লখিমপুৰৰ ডিফলু সত্ৰৰ পাঞ্চজন্য শিল্পী সমাজে বিপ্ৰ দামোদৰ ভাওনাখনি পৰিচালনা কৰে ৷ ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ লগতে নতুন প্ৰজন্মক ভাওনা সংস্কৃতিৰ সম্যক জ্ঞান প্ৰদানেৰে স্বকীয় প্ৰতিভা উদ্ভাসিত কৰি জগত সভাত উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰোৱাৰ বাবে সৰগম কলা কেন্দ্ৰ, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সপ্তৰ্ষি লোককলা কৃষ্টি একাডেমীৰ তৰফৰ পৰা আয়োজন কৰা গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালা আৰু ভাওনা প্ৰদৰ্শনী অনুষ্ঠানে শ্বহীদ নগৰীবাসীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। সৰগমৰ সভানেত্ৰী শিখা দেৱী, সম্পাদক ৰিংকু নাথ, তত্ত্বাৱধায়ক ডলী দাস, মনময়ূৰী দাস, নিজু লহকৰ, প্ৰাঞ্জল প্ৰাণ বৰদলৈ, ৰূপম গোস্বামী, জিতু কলিতা, সীমা দাস, ৰবীন দাস, পূৰ্ণিমা ডেকা চহৰীয়াৰ লগতে সপ্তৰ্ষি লোককলা কৃষ্টি একাডেমীৰ সঞ্চালিকা গীতাঞ্জলি দেৱী ডেকা, পৰিচালক গণেশ ডেকা প্ৰমুখ্যে উদ্যোক্তাসকলৰ আন্তৰিক প্ৰয়াসৰ শলাগ লয় শ্বহীদ নগৰীবাসীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured