গৌৰীপুৰত পাচলিবাহী ট্ৰাকত চুপাৰি উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত আজি এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ চুপাৰি জব্দ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি গৌৰীপুৰৰ মাজেৰে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পাচলি কঢ়িয়াই অনা এখন ট্ৰাকত তালাচী চলায় গৌৰীপুৰ আৰক্ষীৰ এটি দলে। তালাচীত এএছ০১/ এলি ৬০৮২ নম্বৰৰ ট্ৰাকখনে, অনা পাচলিৰ বস্তা তলত লুকাই অনা প্ৰায় চাৰি হাজাৰ কেজি চুপাৰি উদ্ধাৰ কৰে অৰক্ষীয়ে। চুপাৰিখিনি বাৰ্মিজ চুপাৰি বুলি সন্দেহ কৰা হৈছে যদিও সেয়া বৰ্তমানলৈ নিশ্চিতভাবে জানিব পৰা যোৱা নাই। ইপিনে আৰক্ষীয়ে ট্ৰাকখনৰ চালক মুজিবৰ ৰ’হমান আৰু হেণ্ডিমেন তাইজুদ্দিন খানক আটক কৰি শোধপোচ চলাই থকা বুলি প্ৰকাশ। দুয়োৰে ঘৰ চিৰাং জিলাৰ গৰাইমাৰিত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured