সূৰ্য্য মহন্তক বজালীৰ ৰতনপুৰ ৰঙালী বিহু সন্মিলনীৰ “বজালী ৰত্ন” প্ৰদান

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বজালীৰ ৰতনপুৰত ক্লাব ব্ৰহ্মপুত্ৰৰ উদ্যোগত আৰু ৰতনপুৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আয়োজন কৰা ৰঙালী বিহু সন্মিলনীত বিশিষ্ট সাংস্কৃতিক কৰ্মী, সমাজহিতৈষী চিত্ৰ নিৰ্মাতা তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সূৰ্য্য মহন্তক ‘বজালী ৰত্ন’ সন্মান প্ৰদান কৰা হয়৷ প্ৰতি বছৰে বহাগ বিহু উদযাপন সতে সংগতি ৰাখি ক্লাব ব্ৰহ্মপুত্ৰৰ উদ্যোগত ৰতনপুৰ ৰঙালী বিহু সন্মিলনীয়ে একোগৰাকীকৈ বিশিষ্ট লোকক বজালী ৰত্ন সন্মান প্ৰদান কৰি আহিছে৷ ইতিমধ্যে অসম সৌৰভ বঁটা প্ৰাপক তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ, বিশিষ্ট শিক্ষাবিদ ড৹ ৰণজিৎ ডেকাক এই সন্মান প্ৰদান কৰাৰ পিছতে এইবেলি সূৰ্য্য মহন্তক এই সন্মান প্ৰদান কৰে ৰতনপুৰ ৰঙালী বিহু সন্মিলনীয়ে৷ উল্লেখযোগ্য যে ১৯৯৮ চনত মোহমুক্তি নামেৰে এখন অসমীয়া ছবি নিৰ্মাণ কৰি ৰাজ্যিক চলচিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি নিৰ্মাতাৰ সন্মান লাভ কৰা মহন্তই বজালীত কেইজনমান বন্ধুৰ সৈতে লগ হৈ বজালী একাডেমী অৱ এক্সিলেঞ্চ নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ আৰম্ভ কৰি বজালীক শৈক্ষিক দিশত আগুৱাই লৈ যোৱাত বিশেষ অৰিহণা যোগাইছিল৷ ৯০ৰ দশকত গুৱাহাটি দূৰদৰ্শত প্ৰচাৰ হোৱা “মেঘ ৰদালিৰ খেলা”, “সফুৰা” আৰু “আজিৰ মানুহ” শীৰ্ষক ধাৰাবাহিকখন ৰচনা কৰা মহন্তই সাংস্কৃতিক দিশৰ লগতে নিৰৱচিন্নভাৱে বিভিন্ন সমাজহিতকৰ কাম কৰি আহিছে৷ যোৱা ১৫ বহাগত ভূপেশ খাটনিয়াৰে আঁত ধৰা বজালী ৰত্ন প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড৹ ৰণজিৎ ডেকা, বজালীৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, যুব সমাজকৰ্মী ধ্ৰুৱজ্যোতি দত্ত, উদযাপন সমিতিৰ সভাপতি অনিল কলিতা আৰু লোক সংগীতৰ সম্ৰাট বসন্ত পাটগিৰী৷ তিনিদিনীয়াকৈ বৰেণ্য কাৰ্যসূচীৰে ৰূপায়ন কৰা বিহু সন্মিলনীত ক্ৰমে ২, ১৪ আৰু ১৫ বহাগত মাৰাথান দৌৰ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক বক্ততা প্ৰতিযোগিতা, অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, ভেশচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷ আনহাতে ধনজিৎ শৰ্মা আৰু প্ৰাঞ্জল চৌধুৰীয়ে উদ্দেশ্য বাখ্যা কৰা বিহু উদযাপনৰ শেষৰ দিনাখন মুকলি সভাত উপস্থিত থাকে মন্দিয়া কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা প্ৰতিভা চৌধুৰী, সমাজকৰ্মী বসন্ত দাস, কুমুদ দত্ত আৰু মুনিন্দ্ৰ কুমাৰ দাসে৷ নিশা আমন্ত্ৰিত সংগীত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপনৰ সামৰণি পৰে৷

প্ৰেৰক কল্যাণ কলিতা

Featured