কুকুৰমাৰাত বন বিভাগৰ স্বচ্ছ অভিযান

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আজি পুৱাই চাফাই অভিযান আৰম্ভ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোন বাস্তৱত পৰিণত কৰাৰ যি লক্ষ্য, তাকেই সন্মান জনাই সমগ্ৰ দেশৰ লগতে কুকুৰমাৰাতো বিভিন্ন ঠাইত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কুকুৰমাৰা খণ্ড বন বিষয়া ধৰ্মেন্দ্ৰ বৰুৱাৰ নেতৃত্বত প্ৰথমে কুকুৰমাৰা সাৰ্বজনীন দুৰ্গা পূজাস্থলীত চাফাই অভিযান আৰম্ভ কৰাৰ পিছত কুকুৰমাৰা খণ্ড বন কাৰ্যালয়, তাৰ পিছত বজাৰৰ বিভিন্ন অঞ্চলত চাফাই অভিযান চলায় বন বিভাগৰ দলটোৱে। এই চাফাই অভিযানৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কুকুৰমাৰা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু বন্যবন্ধুৰ বহুকেইজন কৰ্মীয়ে। ইফালে, কুকুৰমাৰা বন বিভাগৰ এনে প্ৰচেষ্টাৰ শলাগ লয় অঞ্চলবাসী ৰাইজে ।
প্ৰেৰক ভগৱান দাস
Featured