ছুইফট ডিজায়াৰেৰে অপহৰণ : অভিযান চলাওঁতা আৰক্ষী আহত

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ যোৱানিশা সংঘটিত এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনাই জোকাৰি গৈছে বাইহাটা চাৰিআলিৰ লগতে সমগ্ৰ কামৰূপ জিলা। অপহৰণৰ অভিযান চলাবলৈ গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত মাহাতো। বৰ্তমান ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিষয়াগৰাকী। ঘটনাৰ বিৱৰণী মতে গোৱালপাৰা জিলাৰ ৰংজুলিৰ এগৰাকী যুৱতী আৰু একেলগে কাম কৰা বেংগালুৰুৰ এজন যুৱকৰ সৈতে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি আহি জালুকবাৰী উৰণ সেতুৰ ওচৰত ৰৈ আছিল। এনেতে এখন ছুইফট ডিজায়াৰ তেওঁলোকৰ ওচৰত ৰৈ ৰংজুলিলৈ যাব বুলি কৈ তেওঁলোকক উঠাই লয়। গাড়ী চালকে ৰাস্তাৰ কেইবাটাও ঠাইৰ পৰা আন তিনিজন যুৱকক গাড়ীত উঠাই লৈ বাইহাটা চাৰিআলি অভিমুখে আহি যুৱক-যুৱতী দুগৰাকীক বিভিন্ন নিৰ্যাতন আৰম্ভ কৰে দুৰ্বৃত্তকেইজনে যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা পঞ্চাশ লাখ টকা দাবী কৰে। টকা নিদিলে দুয়োজনকে হত্যা কৰাৰ ভাবুকি দিয়ে। দলটোৱে যুৱক-যুৱতী দুগৰাকীৰ পৰা বাৰশ টকা আৰু তেওঁলোকৰ দুয়োটা মবাইল কাঢ়ি লয়। এই অপহৰণৰ খবৰ পাই কামৰূপ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অপহৰণকাৰীৰ দলটোৱে মুখ্য পথ এৰি মান্দাকাটা হৈ বেজেৰা অভিমুখে আহি থকাৰ খবৰ লাভ কৰি বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ দল এটা সেই পথেৰে যায়। উক্ত পথৰ মান্দাকাটাত অপহৰণকাৰীৰ দলটোৰ সৈতে মুখামুখি হয় আৰক্ষীৰ। আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাওঁতেই দুৰ্বৃত্তৰ দলটোৱে ভাৰপ্ৰাপ্ত বিষয়া সুমিত মাহাতো আৰু এজন আৰক্ষী কনিষ্টবল মৃণ্ময় হালৈক গাড়ীৰে খুন্দিয়াই থৈ পলাই যায়। দুৰ্বৃত্তৰ দলটোৱে বাইহাটা চাৰিআলি থানাৰ পৰা সাত কিলোমিটাৰ নিলগৰ এখন গাঁৱত যুৱক-যুৱতী দুগৰাকীক নমাই থৈ পলায়ন কৰে। পিছত নিশাই কামৰূপ আৰক্ষীয়ে যুৱক-যুৱতী দুগৰাকীক উদ্ধাৰ কৰাৰ লগত মহানগৰীৰ পৰা চাৰিজন  অপহৰণকাৰীক কৰায়ত্ত কৰে। আনহাতে গাড়ীৰে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া মাহাতোক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পিছলৈ নাৰায়ণা হাস্পতালত ভৰ্তি কৰায়। আটক কৰা অপহৰণকাৰীকেইজন হৈছে নলবাৰী জিলাৰ মুকালমুৱাৰ মনোৱাৰ হুছেইন, ৰমজান আলী, তফিজুদ্দিন আলী আৰু জেহেৰুল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে এজন অপহৰণকাৰী তথা এই অপহৰণ কাৰ্যৰ মাষ্টাৰ মাইণ্ড মনোৱাৰ আলীক তেওঁৰ ঘৰত লুকুৱাই ৰখা পিষ্টলৰ সন্ধানত তালাচী চলাবলৈ ব্ৰহ্মপুত্ৰত এখন নাৱেৰে আৰক্ষীয়ে লৈ গৈ থকা অৱস্থাতে নাৱৰ পৰা জাঁপ দি পলাই যায়। আৰক্ষী, নদী আৰক্ষী আৰু এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অপহৰণ কাণ্ড সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীয়ে ১৮২/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৬১/২/১৪০/১০৯/১৩২/৩১০/৭৪/১১১ ধাৰাৰ অধীনত তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই অপহৰণকাৰী দলটোৰ লগত আৰু বহুকেইজন জড়িত হৈ আছে। এই দলটোৰ মনোৱাৰ হুছেইনৰ ইয়াৰ পূৰ্বেও ১২টাকৈ জঘন্য অপৰাধ কাৰ্যৰ লগত জড়িত বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

প্ৰেৰক মুনীন ডেকা 

Featured