গহপুৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক, ১৫ মিনিটত অংকন কৰিলে বহিঃনিৰীক্ষকৰ প্ৰতিকৃতি

নিয়মীয়া বাৰ্তা, হেলেম, ১৮ মেঃ গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত আগশাৰীৰ শিক্ষানুষ্ঠান ডিপৰা ভীমবাহাদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ গুণোৎসৱ যোৱা ১২ মে’ত সফলতাৰে অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ৯  বজাত প্ৰাতঃসভাৰে গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰাতঃসভাৰ কাৰ্যসূচীত একাংশ শিক্ষাৰ্থীয়ে শৰীৰ চৰ্চা প্ৰদৰ্শন কৰাৰ পিছত বাতৰিৰ শিৰোনামা পাঠ কৰে আৰতি দেৱীয়ে, কুইজ সোধে বিক্ৰম দাসে, মহৎ লোকৰ বাণী কয় অনুৰাধা ছেত্ৰীয়ে, সাৱলীল ভাষাৰে মহাপুৰুষ মাধৱদেৱ আৰু অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ডিম্পী বৰা আৰু চন্দ্ৰমা বৰাই। চন্দ্ৰমা বৰাই গামোচা পৰিধান কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। শিক্ষাৰ্থীৰ মূল্যায়ণ প্ৰক্ৰিয়াৰ অন্তত বহিঃনিৰীক্ষকদ্বয়ে শিক্ষাৰ্থী সকলৰ বিভিন্ন বিষয়ৰ জ্ঞানৰ পৰীক্ষা লয়।সমবেত অভিভাৱক, ৰাইজ আৰু বহিঃনিৰীক্ষকদ্বয়ে বিদ্যালয় খনৰ সামগ্ৰিক পৰিবেশ তথা ইক’  আৰু য়ুথ ক্লাৱৰ কৰ্মৰাজিৰ শলাগ লয়। সমবেত দ্বি-শতাধিক অভিভাৱক তথা স্হানীয় ৰাইজক সম্বোধন কৰি বহিঃনিৰীক্ষকদ্বয়ে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্রত অভিভাৱকৰ দায়িত্ব তথা সমাজৰ কৰণীয় সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে।একাংশ শিক্ষাৰ্থীৰ গীত, নৃত্য, কবিতা আবৃত্তি, একক অভিনয় আদিৰে বিয়লি আৰম্ভ হোৱা সহবিদ্যায়তনিক দিশৰ প্ৰদৰ্শন কাৰ্যসূচীত অষ্টম শ্ৰেণীৰ ছাত্ৰ বিক্ৰম দাসে মাত্ৰ ১৫ মিনিটৰ ভিতৰত বহিঃনিৰীক্ষক দিলীপ কুমাৰ শইকীয়াৰ এখন প্ৰতিকৃতি অংকন কৰি বহিঃনিৰীক্ষক গৰাকীক প্ৰদান কৰি চমক সৃষ্টি কৰে। বহিঃনিৰীক্ষক গৰাকীয়ে শিক্ষাৰ্থী গৰাকীৰ দক্ষতাৰ শলাগ লৈ আশীৰ্বাদ দিয়ে। ইয়াৰ পিছতে বহিঃনিৰীক্ষকদ্বয়ে বিদ্যালয় খনৰ নথি-পত্ৰ নিৰীক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে গুণোৎসৱৰ কাৰ্যসূচীৰ সামৰণি ঘোষণা কৰা হয়।