ৰূপহীহাটত সুদৰ টকাৰ বাবে গছত বান্ধি তালিবানী শাস্তি

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : ৰূপহীহাটৰ নাংগলধোৱাত  এক তালিবানী ঘটনা সংঘটিত হৈছে ৷  সুদৰ টকাৰ বাবে গছত বান্ধি থ’লে এজন লোকক। মতিবুৰ ৰহমান নামৰ লোকজনক নবাব আলী আৰু হানিফা নামৰ দুজন সুদখোৰে ৰাস্তাৰ পৰা ধৰি আনি গছত বান্ধি মাৰপিট কৰাৰ অভিযোগ উঠিছে। ২০ হাজাৰ টকা সুদত লৈ ৫০ হাজাৰতকৈ অধিক টকা ঘূৰাই দিয়াৰ পিছতো ৫ হাজাৰ টকা দিবলৈ ডাবি-ধমকি দি আহিছিল নবাব আলীয়ে। নিশা কাঠপাৰা বজাৰৰ পৰা গৰু বিক্ৰী কৰি ৫০ হাজাৰ টকা লৈ ঘৰলৈ যোৱা সময়ত বাটৰ পৰা চোঁচৰাই নি বান্ধি ৰাখে লোকজনক৷ মতিবুৰ ৰহমান নামৰ লোকজনক ৰূপহীহাট আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও পকেটৰ ৫০ হাজাৰ টকা নোহোৱাৰ অভিযোগ লোকজনৰ ৷ আনফালে ডকাইতৰূপী সুদখোৰ নবাব আলীক আটক কৰি নিয়ে আৰক্ষীয়ে।
প্ৰেৰক জহিৰুল ইছলাম
Featured