ভূৰাগাঁৱৰ তাপতলা এৰী সমাহাৰ কেন্দ্ৰত সৰ্বস্বান্ত হ’ল ধেমাজিৰ মুগাপালক

নিয়মীয়া বাৰ্তা, ২৯ মে: সুদূৰ ধেমাজিৰ পৰা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত তাপতলা এৰী সমাহাৰ কেন্দ্ৰত মুগা পালন কৰিবলৈ আহি সৰ্বস্বান্ত হ’ল বহুকেইজন মুগাপালক। সম্প্ৰতি তাপতলা এৰী সমাহাৰ কেন্দ্ৰত অচিন ৰোগত আক্ৰান্ত হৈ মৰিছে হাজাৰ হাজাৰ মুগাপলু।উল্লেখ্য যে এমাহ পূৰ্বে মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত তাপতলা এৰী সমাহাৰ কেন্দ্ৰত ধেমাজিৰ ঘূগোহাৰ গাঁৱৰ ধৰ্মেশ্বৰ চাংমাই, নিপুল চাংমাই, ৰূপেশ্বৰ চাংমাই, পোনাৰাম চাংমাই, ভীম চাংমাই আৰু মনোজ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাজনো মুগাপালক আহিছিল মুগা পালন কৰিছিল। সুদূৰ ধেমাজিৰ পৰা আহি গাঁঠিৰ ধন ভাঙি মুগাপালকসকলে মুগা পালন কৰিছিল যদিও পৈণত হৈ মুগা পকা আহিবলৈ ধৰাৰ অৱস্থাতে অচিন ৰোগত আক্ৰান্ত হৈ এতিয়া মুগা পলুবোৰ মৰিবলৈ ধৰাত মুগাপালকসকলে মূৰে-কপালে হাত দিব লগা হৈছে। একমাত্ৰ মুগা পালনৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া লোককেইজনে বহু আশাৰে এৰী সমাহাৰ কেন্দ্ৰটোত মুগা পালনৰ নামত বহু টকা-পইচা খৰচ কৰিছিল যদিও এতিয়া আটাইবোৰ মুগা পকা অহাৰ সময়ত মৰি উদং হোৱাত খালী হাতে ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছে মুগাপালকসকল। বৰ্তমানো এই অচিন ৰোগ চিনাক্ত হোৱা নাই । আনহাতে, এই ৰোগ চিনাক্ত নহলে অনাগত দিনত অসমৰ ঐতিহ্য বহনকাৰী মুগাশিল্পলৈ তীব্ৰ ভাবুকি অহাৰ আশংকা ব্যক্ত কৰিছে মুগাপালকসকলে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনকো বিষয়টোত গুৰুত্ব দিবলৈ সৰ্বস্বান্ত মুগাপালকসকলে আহ্বান জনাইছে।

প্ৰেৰক আবুল কালাম

Featured