নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত সৃষ্টি হোৱা স্বাস্থ্যজনিত জটিলতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ এতিয়াও বিপদমুক্ত নহয়৷ সম্প্রতি সংকটজনক অৱস্থাতেই আছে প্রাক্তন মুখ্যমন্ত্রী তথা বর্ষীয়ান ৰাজনীতিবিদগৰাকীৰ স্বাস্থ্য৷ পৰহিৰ তুলনাত সামান্য স্বাস্থ্যৰ উন্নতি ঘটিছছিল যদিও আজি পুৱা বৰ্তমান তেওঁৰ স্বাস্থ্য খুবেই সংকটজনক বুলি জানিবলৈ দিয়ে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই৷