নলবাৰী হৰিমন্দিৰত দহ দৰা-কইনাৰ সমূহীয়া বিবাহ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ নলবাৰী হৰিমন্দিৰ প্ৰাঙ্গণ আজি এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হয়। নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ উদ্যোগত আৰু নলবাৰী হৰিমন্দিৰ সমিতিৰ সহযোগত দহ গৰাকী দৰা কইনাক সম্পূৰ্ণ বৈদিক ৰীতি-নীতি অনুসৰি বিবাহ কাৰ্য সম্পাদন কৰে। জিলা খনৰ বিভিন্ন প্ৰান্তৰ উপযুক্ত দৰা দহ গৰাকীয়ে নলবাৰী আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত জিলা প্ৰশাসনৰ আতিথ্যৰ পিছতে সমুহীয়া ভাবে হৰিমন্দিৰ প্ৰাঙ্গণত উপস্থিত হ’য়। আনহাতে নিৰ্দিষ্ট দহ গৰাকী কইনাও হৰিমন্দিৰ প্ৰাঙ্গণত উপস্থিত হয়। আৰম্ভ হয় ব্ৰাহ্মণৰ মন্ত্ৰ ধ্বনি। জাউৰিয়ে জাউৰিয়ে মহিলা সকলৰ বিয়া নাম, উৰু্লী ধ্বনি, বেণ্ড পাৰ্টিৰ সুমধুৰ সুৰৰ বাবে হৰিমন্দিৰত উদুলী মুদুলী পৰিবেশৰ সৃষ্টি হয়। বিশিষ্ট সাংবাদিক তথা শিক্ষাব্ৰতী ধ্ৰুৱজ্যোতি শৰ্মা আৰু পিংকী মালাকৰে আঁতধৰা অনুষ্ঠানটোৰ এক নান্দনিক পৰিবেশৰ সৃষ্টি হয়। ইফালে সমুহীয়া বিবাহৰ একোগৰাকীৰ দৰা কইনাৰ খৰচৰ দায়িত্ব লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত বৰ্ণালী ডেকা, ৰাস মহোৎসৱ সমিতিৰ সভাপতি মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীল, সমাজকৰ্মী পংকজ ডেকা, বুবুল তালুকদাৰ, বিশিষ্ট ব্যাৱসায়ী নৃপেন্দ্ৰ দাস, সমাজসেৱী কুমুদ মালাকৰ, অবিনাশ দাস, যুৱ ছাত্ৰ নেতা নিৰোদ দাসে ৰাজহুৱা ভাবে কইনা দান কৰি আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে আজি ৰাতিপুৱাৰ পৰা হৰিমন্দিৰ প্ৰাঙ্গণ জনসমুদ্ৰত পৰিণত হয়। বিভিন্ন জনে দৰা কইনাক আশীৰ্বাদ দিয়ে। পৰবৰ্তী সময়ত গুৱাহাটীৰ অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰা দুহেজাৰ ৰাইজক অভ্যাৰ্থনা কৰে। আনহাতে আজিৰ এই সমুহীয়া বিবাহ অনুষ্ঠানত হৰিমন্দিৰ প্ৰাঙ্গণ সম্পূৰ্ণ প্লাষ্টিকৰ সামগ্ৰীৰ পৰা মুক্ত আছিল। তাৰ পৰিবৰ্তে কলগছৰ চটিয়া, মাটিৰ কাপ, মাটিৰ পাত্ৰ, তামোলৰ ঢকুৱাৰ পৰা তৈয়াৰ কৰা কাঁহি-বাটি, চামুচ ব্যৱহাৰ কৰা হয়। সমুহীয়া বিবাহৰ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি জিলা আয়ুক্ত বৰ্ণালী ডেকা, পৌৰপতি জয়শ্ৰী তালুকদাৰ, জিলা খনৰ চৰকাৰী শীৰ্ষ বিষয়া সকল, হৰিমন্দিৰৰ আজীৱন সভ্য সকল, নিৰ্বাচিত নতুন কাৰ্যনিৰ্বাহ সমিতিৰ সদস্য সকল আৰু শুভকাংশী সকল উপস্থিত থাকে বুলি হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীলে জানিবলৈ দিয়ে।

প্ৰেৰক বীৰেন কলিতা

Featured