সোণাপুৰত আজিও অব্যাহত  উত্তেজনা : ইউডিএফৰ বিধায়কক প্ৰৱেশত বাধা

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : কালি সোণাপুৰৰ কচুতলীত আৰক্ষী আৰু অবৈধ বেদখলকাৰীৰ মাজত সৃষ্টি হোৱা ভয়ংকৰ ঘটনা আজিও অঞ্চলটোত চেপা উওেজনাই বিৰাজ কৰি আছে৷ কালি দিনৰ পৰা নিশা লৈকে আৰক্ষী আৰু উচ্ছেদিত হাজাৰ হাজাৰ বেদখলকাৰী মাজত কেৱল হতাহতিয়ে নহয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কেইবাজাই গুলী মাৰিবলগীয়া হয়৷ গুলীচালনাত কেইবাজনো উচ্ছেদিতৰ ভৰি, ককাল আৰু পেটত গুলী লাগে৷ এনে ঘটনাত ১১জন বেদখলকাৰী গুৰুতৰ ভাবে আহত হয়৷ ইয়াৰে কেইবাজনৰো গাত গুলী লাগে৷ আটাইকেইজনকে সংকটদনক অৱস্থাত সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসালয়তে দুজনৰ মৃত্যু হয়৷ আৰু কেইবাজনৰো স্বাস্থ্য অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰন কৰে৷ আনহাতে এই ঘটনাত ২৪জন মহিলা আৰু পুৰুষ আৰক্ষী গুৰুতৰ ভাবে আহত হয়৷ প্ৰথম অৱস্থাত আটাইকেইজনকে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বহুকেইজনক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰন কৰে৷ এই ঘটনাৰ পিছতে আজি ঘটনাস্থলীত ডিজিপি জি পি সিং উপস্থিত হৈ ঘটনাৰ পৰিস্থিতিৰ বুজ লয়৷ এনে ঘটনা হোৱাতো কোনো কাৰনতে সহ্য কৰা নহব বুলিও কয় জি পি সিঙে ৷ ইফালে কচুতলী  অঞ্চলটোত হৈ থকা এনে ঘটনাৰ সময়তে আজি আবেলি এআইইউডিএফৰৰ বিধায়ক আমিনুল ইচলাম, ৰফিকুল ইচলাম, মজিবুৰ ৰহমানৰ লগতে কেইবাজনো এআইইউডিএফৰ বিধায়ক উত্তপ্ত হৈ থকা কচুতলী অভিমুখে ৰাওনা হব খোজে যদিও ২৭নং ৰাষ্ট্ৰীয় পথতে স্থানীয় ৰাইজ আৰু দল সংগঠনে প্ৰৱেশত বাধা প্ৰদান কৰে৷ বিধায়কৰ সৈতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ বাতবিতণ্ডাৰ সৃষ্টি হয়৷ বলপূৰ্বকভাবে বিধায়ককেইগৰাকীয়ে কচুতলী অঞ্চললৈ যাব বিচাৰে যদিও কোনো কাৰনতে যাব দিয়া নহয় বুলি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে ৷ এআইইউডিএফ বিধায়ক গ বেক, হায় হায় ধ্বনিৰে পৰিবেশ উওাল কৰি তোলে৷ প্ৰায় এঘন্টা ধৰি ৰাষ্ট্ৰীয় পথৰ ওপৰতে আবদ্ধ কৰি ৰাখে বিধায়ককেইগৰাকীক৷ ইফালে বিধায়ককেইগৰাকী অহাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনেও প্ৰৱেশত বাধা প্ৰদান কৰে ৷ দল সংগঠনৰ দাবী বিধায়ককেইগৰাকীয়ে জ্বলা জুইত  ঘি ঢালিবলৈ আহিছে ৷ কোনো দিনে অঞ্চলটোলৈ নহা বিধায়ককেইগৰাকীয়ে এনে ঘটনাৰ সময়ত আহি যেন বেদখলকাৰী সকলক ইন্ধনহে জগাব আহিছে ৷ কালি হৈ যোৱা ঘটনাৰ পিছতে অঞ্চলটোত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ৷ কিন্তু যোৱানিশা পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমন কৰে উচ্ছেদিত লোকে৷ হতাহতি গুলীয়াগুলী পৰিবেশৰ সৃষ্টি হয় নিশাও ৷ কেইবাজনো আৰক্ষী আৰু বেদখল কাৰী আহত হয় ৷ দিনৰ পৰা নিশালৈকে অঞ্চলটোত সৃষ্টি হোৱা এনে ভয়ংকৰ পৰিস্থিতিৰ পিছত কালি নিশাই অঞ্চলটোত বিশেষ ডিজিপি হৰমিত সিং আৰু গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ উল্লেখ্য যে ১নং কচুতলি আৰু সোণাপুৰ পথাৰত একাংশ লোকে চৰকাৰী ভূমি, সংৰক্ষীত চৰণীয়া পথাৰ আৰু জনজাতীয় আবেষ্টনীৰ ভূমিত একাংশ  সন্দেহদনক লোকে অবৈধভাবে দখল কৰি বসবাস কৰি  আছিল ৷ এই বিষয়টোৱে অঞ্চলটোৰ সচেতন লোকসকলক  চিন্তিত কৰিছিল ৷ আৰু ইয়াৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰশাসনক অৱগত কৰা হয়৷ তাৰ পিছতে বিগত চাৰি দিন ধৰি অঞ্চলটোত উচ্ছেদ কাৰ্য চলায় জিলা প্ৰশাসনে৷ উচ্ছেদিত সময়ত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাছিল ৷ ১৪৮  বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰা হয় ৷ উচ্ছেদিতসকলক সেই সেই স্থান খালী কৰি দিবলৈ কোৱা হৈছিল৷ কিন্ত উচ্ছেদিত সকলে সেই  ঠাই ত্যাগ নকৰি তাতেই বাহৰ পাতি আছিল৷ এই বিষয়টোৱে চিন্তিত কৰিছিল প্ৰশাসনক৷ সেয়েহে কালি দিনৰ ভাগত চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটি দল  কচুতলিত উপস্থিত হয়৷ কিন্তু কোনো লোকৰ উচতনিত উচ্ছেদিতই আৰক্ষীক আক্ৰমনৰ লক্ষ্যকৰি জোং, লাঠিৰে  আক্ৰমন কৰে প্ৰশাসনৰ লোকক ৷ একপ্ৰকাৰ যুদ্ধংদেহী পৰিবেশৰ সৃষ্টি হয় অঞ্চলটোত ৷ হতাহতি গুলীয়া গুলী। পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰাত আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হয় ৷ উল্লেখ্য যে কোনো দুষ্ট লোকে সেই সকল উচ্ছেদিতক এনে কাৰ্য কৰিবলৈ নিশাৰ ভিকৰতে উচটনি দিয়াৰ সন্দেহ কৰা হৈছে৷ যাৰ  বাবে  উচ্ছেদ কাৰ্য চলাৰ সময়ত কোনো একো অপ্ৰীতিকৰ ঘটনা নহল ৷ কিন্তু উচ্ছেদ কাৰ্য শেষ হোৱাৰ পিছত এই ঘটনা হবলৈ পালে৷ কাৰোবাৰ উচটনিত সেইসকল লোকে এনে ঘটনা কৰিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি কালিৰে পৰা  আজি লৈকে ২৪জন আৰক্ষী আহত আৰু ১৩জন উচ্ছেদ কাৰী আহত হৈছিল যদিও ইয়াৰে দুজনৰ মৃত্যু হয়৷ আজি দিনৰ ভাগত কচুতলী অঞ্চলটোত উচ্ছেদিত বহু লোক সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে ৷ জনসংখ্যা প্ৰায় সেৰেঙা হৈ পৰিছে অঞ্চলটোত ৷ ইপিনে এই ঘটনাৰ সন্দৰ্ভত সোণাপুৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ উল্লেখ্য যে এই অবৈধ লোক সকলক অঞ্চলটোৰে একাংশ দালালে অধিক টকা লৈ সেইসকল লোকক অঞ্চলটোত বহুৱাইছিল ৷ ইতিমধ্যে সেইসকল দালাল চিনাক্ত কৰা হৈছে বুলি দল সংগঠনে জানিব দিছে৷ ইপিনে আজি ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে  সংবাদ মেল সম্বোধন কৰি কয় যে ডিমৰীয়াত যিমান সন্দেহজনক লোকে বিভিন্ন স্থানত অবৈধভাবে বসবাস কৰাই নহয় অত তত যত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে তেওঁলোকক ১৬ ছেপ্টম্বৰৰ দিনৰ ১২ বজাৰ ভিতৰত ডিমৰীয়া এৰি যাবলৈ সকীয়াই দিছে ৷
প্ৰেৰক ৰমেশ দাস
Featured