চিৰাঙৰ চাপাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ’ল ১৩খন বাহন

নিয়মীয়া বাৰ্তা, ২ জুন : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ২নং ছাপাগুৰিৰ ৪ নং ৱাৰ্ডৰ জে ডি মটৰ্চ নামৰ পূৰ্বে ব্যৱহৃত গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানটোত সংঘঠিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ১২ খনকৈ বিলাসী লঘু বাহন আৰু এখন দুচকীয়া বাহন জুইত জাহ যায় ৷ উল্লেখ্য যে ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত ওচৰৰে ‘মমো’ ব্যৱসায়ী এজনে প্ৰথমে বাহন সমূহ জ্বলি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতে অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত হুৱাদুৱা লাগে আৰু আৰক্ষী তথা অগ্নি নিৰ্বাপণ  বিভাগক খবৰ দিয়ে৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে প্ৰতিষ্ঠান খনত বিক্ৰীৰ বাবে মজুত ৰখা বাহন সমূহ জুইত জাহ যায় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও, কোনো অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা এই অগ্নি সংঘটিত হোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি বুলি একাংশ স্থানীয় লোকে মন্তব্য প্ৰকাশ কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস