তেজপুৰৰ ‘চলন্ত এনচাইক্ল’পেডিয়া’ হেমন্ত কুমাৰ বৰুৱাৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  অসমীয়া সাহিত্য–সমাজ আৰু ইতিহাস বুকুত বান্ধি লৈ ফুৰা চলন্ত এনচাইক্ল’পেডিয়া ৰূপে পৰিগণিত হোৱা হেমন্ত কুমাৰ বৰুৱা আৰু নাই৷ আজি পুৱা ৭.৫২ বজাত বিশিষ্ট চিন্তাবিদ–লেখক তথা সমাজকম্গৰাকীয়ে এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে৷ তেজপুৰৰ প্রতিটো অনুষ্ঠানৰেই মধ্যমণিস্বৰূপ হেমন্ত কুমাৰ বৰুৱাৰ বিয়োগত উকা হ’ল শোণিতপুৰৰ সামাজিক–সাহিত্য আৰু সাংসৃকতিক ক্ষেত্রখন৷ জিলাখনৰ প্রায়বোৰ অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে নিজৰ অসাধাৰণ তথা বহুমুখী প্রতিভাৰে জিলিকি থকা ঢ়েকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপকগৰাকীৰ বিয়োগত ম্রিয়মাণ হৈ পৰে শোণিতপুৰবাসী৷ বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক, গায়ক, অভিনেতা, তার্কিক, কুইজ মাষ্টাৰ, এগৰাকী সুবক্তা হেমন্ত কুমাৰ বৰুৱা আছিল সকলো সামাজিক–সাংসৃকতিক অনুষ্ঠানৰ মধ্যমণিস্বৰূপ৷

তেজপুৰ সাহিত্য সভাৰ প্রাক্তন সভাপতি, বর্তমানৰ উপদেষ্টা, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বহুকেইটা কার্যকালৰ সম্পাদক তথা বর্তমানৰ কার্যনির্বাহক সদস্য, অসমৰ প্রথমখন সংগীত বিদ্যালয় বর্তমানৰ জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, শোণিতপুৰ শিল্পী সমাজৰ প্রতিষ্ঠাপক সম্পাদক, দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতিৰ দৰে বিভিন্ন বিষয়বাবদত আসীন হোৱা বৰুৱাই তেজপুৰ তথা ঢ়েকীয়াজুলিৰ সকলো শ্রেণীৰ ৰাইজৰ মাজত অতি জনপ্রিয় হৈ পৰিছিল৷

উল্লেখ্য যে যোৱা ৬ ছেপ্টেম্বৰত পত্নীসহ ক’ৰোনাত আক্রান্ত হৈছিল সকলোৰে মৰমৰ হেমন্ত কুমাৰ বৰুৱা৷ ইয়াৰ পাছতেই প্রথম অৱস্থাত তেজপুৰৰ পৰোৱাস্থিত ক’ভিড হাস্পতালত ভর্তি হৈছিল যদিও এদিনৰ পাছতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ১২ দিনৰ অন্তত ক’ভিড নিগেটিভ হৈছিল যদিও ক’ভিডোত্তৰ ৰোগত বাৰুকৈ আক্রান্ত হৈ পৰিছিল সমাজ–সাংসৃকতিক জীৱনৰ প্রতিভাধৰ হেমন্ত কুমাৰ বৰুৱা৷ উৎকণ্ঠিত হৈ পৰিছিল তেজপুৰৰ লগতে জিলাখনৰ সকলো জনসাধাৰণ৷ ক্রমাৎ শৰীৰৰ দ্রুত অৱনতি ঘটিছিল৷ ৰাইজে নামঘৰ–মন্দিৰ–মছজিদত প্রার্থনা কৰিছিল হেমন্ত কুমাৰ বৰুৱাৰ আশু আৰোগ্যৰ বাবে৷ কিন্তু শৰীৰৰ অৱস্থা একেই হৈ থকাত কিছুদিন পূর্বে পৰিয়ালৰ লোকে তেজপুৰৰ শুভাকাংক্ষীৰ সহযোগত তেজপুৰ টাইমছ হাস্পতালত ভর্তি কৰাইছিল৷ ইয়াৰ পাছত শৰীৰৰ অৱস্থা কিছু সুস্থিৰ হৈছিল যদিও যোৱা চাৰিটা দিন ধৰি পুনৰ শৰীৰৰ দ্রুত অৱনতি ঘটাত চিকিৎসালয়খনৰ মেকানিকেল ভেণ্টিলেচনত থকা অৱস্থাতেই আজি পুৱা ৭.৫২ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ এই সংবাদ তেজপুৰৰ লগতে জিলাখনত বিয়পি পৰাৰ পাছতেই শোকাকুল জনতাই হাস্পতালখনত পুৱাই আহি ভিৰ কৰা পৰিলক্ষিত হয়৷

উল্লেখ্য যে তেজপুৰ হজৰাপাৰৰ এটা সাংসৃকতিক পৰিয়ালত ১৯৬২ চনৰ ২২ জুলাইত জন্মগ্রহণ কৰা হেমন্ত কুমাৰ বৰুৱা স্থানীয় কুমাৰগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰাৰ সময়তেই নিজৰ প্রতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পৰৱত্ সময়ত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইসুকল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ দৰং মহাবিদ্যালয়ত নামভর্তি কৰে৷ উল্লেখ্য যে মহাবিদ্যালয় পর্যায়তেই হেমন্ত কুমাৰ বৰুৱাই নিজৰ বিদ্যায়তনিক উৎকর্ষৰ সমান্তৰালভাৱে নিজৰ সুকুমাৰ কলাৰ বিকাশত দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷ সেইখিনি সময়তেই মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদকৰ দায়িত্বত থাকি মহাবিদ্যালয়খনৰ পৰা আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত অংশগ্রহণ কৰি একেৰাহে তিনি বছৰ শ্রেষ্ঠ তার্কিকৰ সন্মান লাভ কৰাৰ লগতে শ্রেষ্ঠ কবি হিচাপেও পুৰসৃকত হৈছিল৷ আনহাতে, স্নাতক পৰীক্ষাত শিক্ষা বিষয়ক প্রধান বিষয় হিচাপে লৈ তেতিয়াই দুয়োখন বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্রেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰে আৰু সেই সময়ত বিশ্ববিদ্যালয়খনৰ আছু গোটৰ উপ–সভাপতিৰ দায়িত্বৰ লগতে স্নাতকোত্তৰ ছাত্র সন্থাৰ কার্যনির্বাহক সদস্য আৰু সাংবাদিকতা ছাত্র সন্থাৰ প্রতিষ্ঠাপক সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পাছত ১৯৮৮ চনত ঢ়েকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অধ্যাপনা কৰে৷

উল্লেখ্য যে বর্তমান শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে মহাবিদ্যালয়খনৰ প্রত্যেকগৰাকী ছাত্র–ছাত্রীৰ মাজত অতি জনপ্রিয় হেমন্ত কুমাৰ বৰুৱা অহা ২০২২ চনৰ জুলাই মাহত অৱসৰ গ্রহণৰ দিন আছিল যদিও হঠাৎ এনেদৰে কায়িকভাৱে আঁতৰি যাব লগা হোৱাত সমগ্র মহাবিদ্যালয়খনতেই আজি এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷ বহুমুখী প্রতিভাৰ অধিকাৰী হেমন্ত কুমাৰ বৰুৱা আছিল সদৌ অসম নবীন লেখক–লেখিকা সন্থাৰ ৰাজ্যিক সহকাৰী সম্পাদক৷ আনহাতে, অসম কলেজ শিক্ষক সংস্থাৰ সৈতেও জডিত হৈ থকা বৰুৱা এই সংস্থাৰ আলোচনী সম্পাদকৰ লগতে শোণিতপুৰ মণ্ডলৰ সম্পাদক হিচাপেও নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল৷ শোণিতপুৰ শিল্পী সমাজৰ প্রতিষ্ঠাপক সম্পাদক, লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য, শোণিতপুৰ বিদ্যাপীঠৰ দুটাকৈ কার্যকালৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ দুটা কার্যকালৰ সদস্য, তেজপুৰৰ অসম ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপদেষ্টা, তেজপুৰ সাহিত্য সভাৰ দুটা কার্যকালৰ সম্পাদক, এটা কার্যকালৰ উপ–সভাপতি, এটা কার্যকালৰ সভাপতিৰ পাছত বর্তমানে উপদেষ্টাৰ দায়িত্বৰ লগতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বহুকেইটা কার্যকালৰ সম্পাদকৰ দায়িত্বৰ পৰা বর্তমানৰ কার্যনির্বাহকৰ সদস্য, জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, কলাগুৰু সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক, দক্ষিণ–পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলনৰ প্রাক্তন সম্পাদক, বর্তমানৰ উপদেষ্টা, কুমাৰগাঁও শ্রীশ্রীশংকৰদেৱ মন্দিৰৰ উপ–সভাপতি, ৰে’লগেট সার্বজনীন ধর্মমণ্ডলীৰ কার্যনির্বাহক সদস্য, ১৯৯২ চনৰ অসম গণ পৰিষদ দলৰ পৰা তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য, দৰং মহাবিদ্যালয় প্রাক্তন ছাত্র–ছাত্রী সংস্থাৰ সভাপতি, তৰুণ অসম সংঘৰ কার্যনির্বাহক সদস্যৰ লগতে অসংখ্য সামাজিক–সাংসৃকতিক অনুষ্ঠানৰ সৈতে জডিত থকা হেমন্ত কুমাৰ বৰুৱাই ইয়াৰ মাজতেই সাংবাদিকতাৰ ক্ষেত্রখনতো জডিত হৈছিল৷ এসময়ত অগ্রদূত, চিত্র সংবাদ, পূর্বাঞ্চল, আমাৰ দেশ, বৰপীঠ কাকতৰ সাংবাদিক হিচাপে যেনেদৰে জডিত আছিল, একেদৰে তেজপুৰৰ পৰা প্রকাশিত সাপ্তাহিক কাকত ‘সাদিনীয়া সংবাদ’ৰ সহকাৰী সম্পাদকৰ উপৰি অধুনালুপ্ত ‘বা–বাতৰি’ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্বত ন্যস্ত হৈ আছিল৷ বিভিন্ন কাকত–আলোচনী আৰু স্মৃতিগ্রন্থত সহস্রাধিক লেখাৰে সমৃদ্ধ কৰি যোৱা হেমন্ত কুমাৰ বৰুৱাৰ ‘অলেখ সত্তাৰ মহামিলন’, ‘দুখৰ ৰাতিৰ সোণালী সপোন’ শীর্ষক কবিতা পুথি আৰু ‘জীৱন আৰু জোনাক’ শীর্ষক আন এখন গ্রন্থও প্রকাশ হৈ ওলাইছিল৷ উল্লেখ্য যে ১৯৮৩ চনতে ‘অভিমন্যুৰ মহাকাব্য’ নাটকেৰে দৰং মহাবিদ্যালয়ৰ শ্রেষ্ঠ নাট্যদলৰ সন্মান আৰু ১৯৭৭ চনতেই প্রমথ দাস ৰচিত ‘সিহঁত নমৰে’ নাটকেৰে বহুবাৰ শ্রেষ্ঠ অভিনেতাৰ সন্মান অর্জন কৰা হেমন্ত কুমাৰ বৰুৱা এগৰাকী দক্ষ অভিনয় শিল্পীও আছিল৷ জে বি প্রডাকচনৰ ‘কাঞ্চন’, ‘ড’লছ হাউছ’, ‘উর্মিমালাৰ মৰাল’ আদি নাটকত অভিনয় কৰি যোৱা হেমন্ত কুমাৰ বৰুৱাই বাণ থিয়েটাৰৰ প্রযোজনাত মঞ্চস্থ হোৱা ‘কিয়’, ‘নাগপাশ’, ‘ডুলিৰ তলৰ ভূত’ নাটকত দক্ষতাৰে অভিনয় কৰাৰ উপৰি এলাহাবাদত অনুষ্ঠিত সর্বভাৰতীয় নাট প্রতিযোগিতাত ‘দেশ চলি আছে’ নাটকতো অভিনয় কৰিছিল৷ শতাধিক স্মৃতিগ্রন্থ সম্পাদনা সমিতিৰ সভাপতি, সম্পাদকৰ দায়িত্ব পালন কৰা বৰুৱাই লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ শীর্ষ গীত ‘অগ্ণিকন্যা আমি ঊষাৰ নগৰী এই শোণিতপুৰ’ শীর্ষ গীত ৰচনা কৰিছিল৷ আনহাতে ‘আপোন আপোন লাগে’, ‘হূদয় বোৱতী নৈ’, ‘নেসাজেজা বালিত ঘৰ’ শীর্ষক ভিডি’ ছবিতো অভিনয় কৰা বৰুৱাই অংশগ্রহণ কৰা ‘যন্ত্রমানৱ’ আছিল তেজপুৰৰ প্রথমখন টেলি নাট৷ গুৱাহাটী দূৰদর্শনযোগে সম্প্রচাৰিত ধাৰাবাহিক ‘সেতু’, ‘গ’ল্ড মেডেল’ আৰু ‘লুইতক ভেটিব কোনে’ শীর্ষক টেলিনাটত দক্ষতাৰে অভিয়ন কৰি যোৱা হেমন্ত কুমাৰ বৰুৱা আছিল এগৰাকী দক্ষ তার্কিক৷ আনহাতে বর্তমান সময়ত বিভিন্ন তর্ক প্রতিযোগিতাৰ লগতে কুইজ প্রতিযোগিতাৰো এগৰাকী দক্ষ বিচাৰক হিচাপে কৃতিত্বৰ পৰিচয় দিয়া হেমন্ত কুমাৰ বৰুৱা আছিল প্রায়সমূহ সামাজিক–সাংসৃকতিক অনুষ্ঠানৰ নির্দিষ্ট বক্তা তথা বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা এগৰাকী সুবক্তা৷ যিকোনো প্রতিভাধৰ লোকক জনসাধাৰণৰ সন্মুখলৈ উলিয়াই অনাত মুখ্য ভূমিকা গ্রহণ কৰা হেমন্ত কুমাৰ বৰুৱা আছিল যিকোনো অনুষ্ঠান–ব্যক্তিৰ তথ্যৰ ভাণ্ডাৰ৷ এইগৰাকী বহুমুখী প্রতিভাৰ সমাজহিতৈষী লোকৰ অকাল বিয়োগত আজি ম্রিয়মাণ হৈ পৰে তেজপুৰ–ঢ়েকীয়াজুলিৰ্ লগতে সমগ্র জিলাবাসী৷ আজি পুৱা টাইমছ হাস্পতালৰ পৰা হেমন্ত কুমাৰ বৰুৱাৰ নশ্বৰ দেহ বর্তমানৰ হেমন্ত কুমাৰ বৰুৱাৰ বাসভৱন তেজপুৰ চানমাৰি ব্রজেন নগৰলৈ কঢ়িয়াই অনাৰ পাছত বাসগৃহ হেমন্ত কুমাক বৰুৱাৰ অনুৰাগীৰে ভৰি পৰে৷ নশ্বৰ দেহত প্রথমেই পত্নী আৰু একমাত্র কন্যাই শেষ শ্রদ্ধা জনোৱাৰ পাছত স্থানীয় বহুকেইটা অনুষ্ঠানে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ এইগৰাকী বহুমুখী প্রতিভাৰ সক্রিয় সমাজকম্ তথা লেখক–শিল্পীৰ অকাল মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, প্রধান সম্পাদক যাদৱ চন্দ্র শর্মা, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ কমল তাঁতী, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ঢ়েকীয়াজুলিৰ বিধায়ক তথা মন্ত্রী অশোক সিংহল, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰৰ প্রাক্তন বিধায়ক বৃন্দাবন গোস্বামী আদিয়ে গভীৰ শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
তেজপুৰৰ পৰা ঢ়েকীয়াজুলিলৈ হেমন্ত কুমাৰ বৰুৱাৰ নশ্বৰ দেহ লৈ শ্রদ্ধাঞ্জলি যাত্রা
হেমন্ত কুমাৰ বৰুৱাক শেষ শ্রদ্ধা জনাবলৈ আজি বিভিন্ন ব্যক্তি–নুষ্ঠানে হেতা–ওপৰা লগোৱাৰ সময়তেই নশ্বৰ দেহ লৈ চানমাৰি ব্রজেন নগৰৰ বাসগৃহৰ পৰা এক শ্রদ্ধাঞ্জলি যাত্রা উলিওৱা হয়৷ সত্রীয়া শিল্পীয়ে নাম–প্রসংগৰে নশ্বৰ দেহক শ্রদ্ধা জনোৱাৰ পাছত এখন পুষ্পসজ্জিত বাহনত লৈ আৰম্ভ কৰা শ্রদ্ধাঞ্জলি যাত্রাৰ আৰম্ভণিতেই একালৰ অসম গণ পৰিষদৰ সদস্য তথা পৌৰ সদস্য হেমন্ত কুমাৰ বৰুৱাৰ নশ্বৰ দেহত অগপৰ তেজপুৰ জিলা সমিতিয়ে অগপৰ পতাকাৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই হেমন্ত কুমাৰ বৰুৱা জডিত থকা দক্ষিণ–পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলন আৰু শোণিতপুৰ শিল্পী সমাজে শেষ শ্রদ্ধা জনোৱাৰ পাছত ৰে’লগেট সার্বজনীন ধর্মমণ্ডলী বিষয়ববীয়াসকলে শেষ শ্রদ্ধা জনায়৷ ক্রমশঃ শ্রদ্ধাঞ্জলি যাত্রা আগবঢ়াৰ কালত কলাগুৰু সংগীত মহাবিদ্যালয়, শোণিতপুৰ বিদ্যাপীঠ, কুমাৰগাঁও শ্রীশ্রীশংকৰ মন্দিৰ পৰিচালনা সমিতি, তেজপুৰৰ অসমীয়া ক্লাব, তেজপুৰ চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয়ৰ পাছত দীঘলীয়া সময় হেমন্ত কুমাৰ বৰুৱা জডিত থকা তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মুখত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই অসম সাহিত্য সভাৰ পতাকাৰে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছত সম্পাদক দেৱব্রত শর্মা প্রমুখ্যে বিষয়ববীয়াসকলে শ্রদ্ধাঞ্জলি জনায়৷ এই স্থানতেই সামাজিক–সাংসৃকতিক অনুষ্ঠান ‘প্রয়াস’ৰ পতাকাৰে শেষ শ্রদ্ধা জনায় প্রীতম বৰাই৷ ইয়াতেই তেজপুৰ আঞ্চলিক ছাত্র সন্থা, সাংসৃকতিক অনুষ্ঠান চাতক, ভূপেন হাজৰিকা কলাভূমি, ত্রিমূর্তি উদ্যান, সংকল্প অসম, তেজপুৰ সাহিত্য সভাৰ প্রাক্তন সভাপতি পূর্ণেশ্বৰ নাথ আৰু তেজপুৰ সদৰ ৰাজহ চক্র বিষয়া পংকজ বৰাই শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই শোণিতপুৰ জার্নেলিষ্ট ইউনিয়নৰ কার্যালয়ৰ সন্মুখত শ্রদ্ধাঞ্জলি জনায় সম্পাদক মনোজ কুমাৰ শইকীয়াৰ লগতে সংবাদকম্সকলে৷ এই শ্রদ্ধাঞ্জলি যাত্রাৰ কালত তৰুণ অসম সংঘ, তেজপুৰ পৌৰসভা, জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ত তেওঁলোকৰ সভাপতিগৰাকীক শ্রদ্ধাঞ্জলি জনায় অধ্যক্ষ লিখন শর্মাৰ লগতে আন শিক্ষক–শিক্ষয়িত্রীস৷ এই যাত্রাকালত দীর্ঘ সময়ছোৱা জডিত থাকি বিভিন্ন বিষয়বাব অলংকৃত কৰা তেজপুৰৰ বাণ থিয়েটাৰত উপ–সভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক হেমন্ত কুমাৰ শর্মা, দ্বিজেন নাথ, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, সংগীতাধিকাৰ সঞ্জয় কৃষ গোহাঞিবৰুৱা, বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্রৱত্, বাণ থিয়েটাৰৰ সকলো কার্যনির্বাহক সদস্য, লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা আৰু শিক্ষক–শিক্ষয়িত্রীস লগতে মাৰোৱাৰী যুৱ মঞ্চ, নাট্যানুষ্ঠান জংগম, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি মিণ্টু হেমৰম্ব, শোণিতপুৰ জিলা অটোৰিক্সা সন্থাৰ সম্পাদক দ্বীপেন শইকীয়াৰ লগতে শোণিতপুৰ জিলা প্রশাসনৰ তৰফৰ পৰা ভাৰপ্রাপ্ত উপায়ুক্ত ৰ’মি বৰুৱা, অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ আদিয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই নশ্বৰ দেহ উপস্থিত হয়গৈ দৰং মহাবিদ্যালয়ত৷ মহাবিদ্যালয়খনত এলুমনি সন্থাৰ সভাপতিগৰাকীৰ নশ্বৰ দেহত প্রথমেই অধ্যক্ষ তথা হেমন্ত কুমাৰ বৰুৱাৰ সহপাঠী জয়শংকৰ হাজৰিকাৰ লগতে শিক্ষক–শিক্ষয়িত্রী আৰু ছাত্র–ছাত্রীসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ হেমন্ত কুমাৰ বৰুৱা উপদেষ্টা হিচাপে থকা কেতেকীবাৰীৰ অসম ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ সঞ্চালক অভিজিৎ কলিতাৰ লগতে শিক্ষক–শিক্ষয়িত্রী আৰু ছাত্র–ছাত্রীসকলে শেষ শ্রদ্ধা জনোৱাৰ পাছত দীঘলীয়া সময় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সৈতে জডিত থকা লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত অধ্যক্ষ ড০ তপন কুমাৰ কলিতাৰ লগতে অধ্যাপক–ধ্যাপিকা আৰু শিক্ষাথ্সকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই নশ্বৰ দেহ নিজে অধ্যাপনা কৰা ঢ়েকীয়াজুলি মহাবিদ্যালয়লৈ লৈ যোৱাৰ পথত কাৱৈমাৰীৰ যুগল উচ্চ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক বিশ্বজিৎ বডোৰ লগতে শিক্ষক–শিক্ষয়িত্রী আৰু শিক্ষাথ্সকলে বহু অনুষ্ঠানত বিদ্যালয়ত অংশগ্রহণ কৰা হেমন্ত কুমাৰ বৰুৱাৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতেই ঠেলামৰা চেণ্টাৰত ঠেলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক অজয় শর্মা, বাপুজী ভৱনৰ তৰফৰ পৰা প্রদীপ নাথ, ভাস্কৰ নাথ, ঠেলামৰা আঞ্চলিক ছাত্র সন্থাৰ হৈ ভাগ্যজ্যোতি নাথে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, দুপৰীয়া নিজে অধ্যাপনা কৰা ঢ়েকীয়াজুলি মহাবিদ্যালয়ত নশ্বৰ দেহ লৈ যোৱা পুষ্পসজ্জিত বাহন উপস্থিত হোৱাৰ সময়তেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ মহাবিদ্যালয়ৰ মূল তোৰণৰ সন্মুখৰ পৰাই এন চি চিৰ কেডাৰসকলে সন্মান প্রদর্শন কৰি মহাবিদ্যালয় প্রাংগণলৈ লৈ যোৱাৰ কালত অধ্যক্ষ ড০ শুকদেৱ অধিকাৰী কান্দোনত ভাগি পৰা পৰিলক্ষিত হয়৷ অধ্যক্ষগৰাকীয়ে প্রথমেই পুষ্পাঞ্জলি অর্পণ কৰাৰ পাছত সতীর্থ অধ্যাপক–ধ্যাপিকা আৰু শিক্ষাথ্সকলৰ মাজত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়৷ সকলোৱে মৰম আৰু শ্রদ্ধাৰ শিক্ষকগৰাকীক শেষ শ্রদ্ধা জনোৱাৰ পাছত ঢ়েকীয়াজুলি সাহিত্য সভাকে ধৰি প্রায় একুৰি সামাজিক–সাংসৃকতিক অনুষ্ঠানৰ বিষয়ববীয়াই তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰি অনুষ্ঠানসমূহ জীপাল কৰি তোলা হেমন্ত কুমাৰ বৰুৱাক শেষ শ্রদ্ধা জ্ঞাপন কৰে৷