ডেৰ বছৰলৈ বন্ধ তেজপুৰৰ পৰা যাত্ৰীবাহী বিমান সেৱা

বাৰ্তা ব্যুৰ’, ১৭ জুলাই : যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ সময়ছোৱাত যাতায়তৰ ক্ষেত্ৰত অনাহূত তথা অবাঞ্চিত এক ঘটনা সংঘটিত হৈছে এইবোৰ তেজপুৰত।কাৰণ অহা ১ অক্টোবৰৰ পৰা তেজপুৰ বিমানবন্দৰৰ পৰা নিয়মীয়া কৈ আৰু তিনিদিনীয়াকৈ লাভ কৰা বিমানসেৱা বন্ধ হৈ পৰিব। তেজপুৰ তথা জিলাবাসীৰ বাবে এই অনাহূত সংবাদ সদৰী কৰিছে তেজপুৰ বিমানবন্দৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে। প্ৰাধিকাৰীগৰাকীয়ে জনায় যে তেজপুৰ বিমানবন্দৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল অহা ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত বন্ধ হৈ থাকিব এই বিমান সেৱা। ইয়াৰ কাৰণ হৈছে তেজপুৰ বিমানবন্দৰৰ যি ৰাণৱে সেয়া ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ লগত সংলগ্ন হৈ থকা ৰাণৱেৰ উন্নতিকৰণ প্ৰকল্পটোৰ কাম আৰম্ভ হোৱাৰ বাবে। তেজপুৰ বায়ুসেনাৰ তৰফৰ পৰা তেজপুৰ শালনিবাৰী যাত্ৰীবাহি বিমানবন্দৰ প্ৰাধিকাৰীক এক পত্ৰৰ জৰিয়তে অৱগত কৰে এই বিষয়ে। উল্লেখ্য যে, শালনিবাৰী যাত্ৰীবাহি বিমানবন্দৰ ১ বছৰ ৬ মাহ পৰ্যন্ত বন্ধ হৈ থাকিব, ফলস্বৰূপে ঘৰুৱা যাত্ৰীৰ লগতে বিমানবন্দৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে এক প্ৰকাৰ ব্যাঘাত জন্মিব। থলুৱা নিবনুৱা লোকে বিভিন্ন ধৰণৰ যাত্ৰীবাহি গাড়ীৰ সেৱা আগবঢ়াই উপাৰ্জনমুখি হৈছিল, কিন্ত সেৱা অনাগত ডেৰ বছৰৰ বাবে আৰু সম্ভৱ হৈ নুঠা দিশটোৱে হতাশাৰ সৃষ্টি কৰিছে গাড়ী ব্যৱসায়ৰ সৈতে জড়িত লোক সকলক। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত তেজপুৰ বিমানবন্দৰ। ১৯৪২ চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা এই বিমানবন্দৰত এটা টাৰ্মিনেল আছে আৰু মুঠ ৪০০ যাত্ৰী অহা আৰু যোৱা বাবে ৰখিব পাৰে। মনকৰিবলগীয়া যে তেজপুৰ বিমানবন্দৰত ২০২৩ চনৰ ২৫ জুনৰ পৰা সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান স্পাইছ জেট। প্ৰথম দিনাই মুঠ ৩০গৰাকী যাত্ৰীৰে তেজপুৰৰ পৰা কলকাতালৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছিল স্পাইছ জেটখনে। ৭০খন আসনৰ বিমানখনৰ পৰা বৰ্তমান ৯০খন আসনৰ তেজপুৰ বিমানবন্দৰ পৰা দৈনিক পুৱা ১২.৫৫ বজাত তেজপুৰ পৰা কলকাতা অভিমুখে যাত্ৰা কৰা কলকাতা সংযোগী বিমানৰ বাবে তেজপুৰ চহৰৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল। ইয়াৰ উপৰি দুখন এয়াৰলাইন্সৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছে। পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল। তেজপুৰ চহৰৰ পৰা দীৰ্ঘদিনীয়া দাবী উত্থাপন হৈ অহাৰ পিছতো চৰকাৰী কৰ্তৃপক্ষই কোনো ভ্ৰুক্ষেপ কৰা নাছিল। উল্লেখযোগ্য যে তেজপুৰ বিমানবন্দৰ তেজপুৰ বায়ুসেনা ঘাটিৰ লগত সংযোগ থকাৰ বাবে বিমানবন্দৰত বহু যাত্ৰীৰ প্ৰবেশত অসুবিধাৰ সন্মুখীন হৈ আহিছে ।কাৰণ যাত্ৰীয়ে ভ্ৰমণৰ বাবে ব্যয় কৰি প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হয় আৰু তাৰ বাবে তেজপুৰ বিমানবন্দৰ পৰা যাত্ৰী বহু পৰিমাণে কম আৰু ফলস্বৰূপে যাত্ৰী কমি যোৱাৰ লগে লগেই বিমান চলাচল বন্ধ হৈ পৰিছিল। তেজপুৰ বিমানবন্দৰ পৰা এয়াৰলেঞ্চৰ বিমান তেজপুৰ-লীলাবাৰী, তেজপুৰ-গুৱাহাটীলৈ বৰ্তমানে তিনিদিনীয়াকৈ চলি আছে। প্ৰতিসপ্তাহত বুধবাৰ, শুক্ৰবাৰ আৰু দেওবাৰে চলাচল কৰা অৱস্থাতেই সম্প্ৰতি বিমান চলাচল বন্ধ ৰাখিব লগা হোৱা ঘটনা স্বাভাৱিকতে এক অনাহুত ঘটনা হিচাপে বিবেচিত হৈছে।

প্ৰেৰক পুলক কুমাৰ ডেকা

Featured