গোপেশ্বৰ দেৱালয়ত সদৌ অসম দেৱালয় সংঘৰ একাদশ অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰ : পুৰণি অসম ৰাজ্যত ভূমিকম্পৰ প্ৰৱণতা অত্যধিক আছিল। যাৰ বাবে মঠ, মন্দিৰ, দেৱালয়ৰ আদিৰ মণিকূট ভৱনসমূহৰ নিৰ্মাণ অসম আৰ্হিতেই নিৰ্মাণ কৰা হৈছিল। যাৰ বাবে দেৱালয়সমূহৰ ঐতিহাসিক স্থাপত্য, ভাস্কৰ্যসমূহৰ সংৰক্ষন সংবৰ্ধন উচিত ৰূপত হোৱা নাই। এই মত ব্যক্ত কৰে বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধনপতি ডেকাই। কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত দেউদুৱাৰৰ ঐতিহ্যমণ্ডিত গোপেশ্বৰ দেবালয়ত অনুস্থিত সদৌ অসম দেৱালয় সংঘৰ একাদশ সাধাৰণ অধিবেশনত মূখ্য অতিথিৰ আসন গ্ৰহণ কৰি উপাচাৰ্য্য ড০ ডেকাই আৰু কয় যে অসমৰ দেবালয়সমূহৰ ভগ্নপ্ৰায় স্থাপত্য ভাস্কৰ্যসমূহ সংৰক্ষন আৰু সংবৰ্ধনৰ ক্ষেত্ৰত দেৱালয় সংঘই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই পৌৰোহিত্য কৰা মুকলি সভাখনত সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই নিজৰ বক্তব্যত কয় যে ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হলেহে একোটা জাতি জীয়াই থাকে। বাইহাটা চাৰিআলিস্থিত পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মাই মুকলি কৰা সভাখনত উপস্থিত থাকে দেৱালয় সংঘৰ কাৰ্যকৰী সভাপতি মদন চন্দ্ৰ ডেকা, প্ৰধান সম্পাদক কৈলাশ শৰ্মা, গোপেশ্বৰ দেবালয়ৰ দলৈ মনোজ কুমাৰ শৰ্মা, সমাজ কৰ্মী গজেন্দ্ৰ নাথ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ আগেয়ে দেৱালয় সংঘৰ পতাকা উত্তোলন কৰে দেবালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই। শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধান সম্পাদক কৈলাশ শৰ্মাই। ইয়াৰ পিচত বৃক্ষৰোপণ কৰে উত্তৰ কামৰূপৰ বন সংমণ্ডল বিষয়া চানী দেউ চৌধুৰী আৰু সমাজকৰ্মী গজেন্দ্ৰ নাথ কলিতাই। দেৱালয় সংঘৰ প্ৰতিনিধি সভা বিষয়বাচনি সভাত সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যত সভাপতি, মনোজ কুমাৰ শৰ্মাক প্ৰধান সম্পাদক আৰু প্ৰণৱ গোস্বামীক সাংগঠনিক সম্পাদক হিচাবে লৈ সদৌ অসম দেৱালয় সংঘৰ নতুন সমিতি গঠন কৰা হয়।

প্ৰেৰক লক্ষী ডেকা

Featured