‘প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ’ শ্লোগানেৰে বৰলুইতৰ বুকুত ১৩ দিনীয়া দুঃসাহসিক যাত্ৰা

🔹 ব্ৰহ্মপুত্ৰৰ বুকুত উটি অহা ৩,৩০০টা পানীৰ বটলেৰে সাজি উলিয়ায় নাও

বিশেষ বাৰ্তা, ১ জুন : এক দু:সাহসিক, শিহৰণকাৰী যাত্ৰা। প্লাষ্টিকৰ বটলেই যেন একমাত্ৰ ভৰসা। ভৰ বাৰিষা কেৱল প্লাষ্টিকৰ পানী বটলেৰে নৌকা সাজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে উজনিৰ ডিব্ৰুগড়ৰ পৰা নামনিৰ গুৱাহাটীলৈ এই শিহৰণকাৰী যাত্ৰা। এই দুঃসাহসিক যাত্ৰাৰ অংশীদাৰ ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ (বুমনি)সহ চাৰি যুৱক। প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ শ্লোগানেৰে ১৩ দিন ধৰি চলিব বৰলুইতৰ বুকুত দুঃসাহসিক যাত্ৰা। ফেনে-ফোটোকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক দু:সাহসিক যাত্ৰা আজি আৰম্ভ কৰে ডিব্ৰুগড়ৰ চাৰিজনীয়া উদ্যমী যুৱকৰ দলে।বাৰিষা উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ বগীবিল দলং প্ৰাংগণৰ পৰা সুদূৰ গুৱাহাটীলৈকে ১৩ দিনীয়া এক দু:সাহসিক যাত্ৰা। যি যাত্ৰা কোনো নাও বা জাহাজ, বাঁহ বা কলৰ ভূৰেৰে নহয়। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত, বাৰিষা বাঢ়নী পানী, ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজেৰে এই দু:সাহসিক তথা শিহৰণকাৰী যাত্ৰা কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত। পেলনীয়া পানীৰ বটলেৰে ডিব্ৰুগড়ত ধীৰাজ বিকাশ গগৈয়ে বিশেষভাৱে নিৰ্মাণ কৰি উলিয়াইছিল এখন বিশেষ নাও। সেই পেলনীয়া প্লাষ্টিক বটলৰ নাওৰ জৰিয়তে উজনিৰ পৰা নামনিলৈ এই যাত্ৰা । ‘প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ’ আৰু ‘নদী পৰ্যটন’ক থীম হিচাপে লৈ ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈ এই যাত্ৰা । ব্ৰহ্মপুত্ৰৰ বুকুত উটি অহা মুঠ ৩৩০০টা পানীৰ বটলেৰে সাজি উলিওৱা ৩৩ ফুট দীঘল আৰু আঠ ফুট বহল নাওখনতে প্ৰতিদিনে যাত্ৰা কৰাৰ লগতে নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ চাপৰিত নৈশ যাপন কৰিব দলটোৱে। ইয়াৰ পূৰ্বে বিকাশ গগৈয়ে আন তিনিজন যুৱকসহ ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰা নাৱেৰে ২০২১ চনত যাত্ৰা কৰিছিল। ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰা কালৰ সময়ত বিভিন্ন স্থানত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা আনিছিল। পুনৰ একেই উদ্দেশ্য আৰু লক্ষ্য লৈ ধীৰাজ বিকাশ গগৈয়ে আজি আৰম্ভ কৰিলে এই যাত্ৰা। ধীৰাজ বিকাশ গগৈৰ এই যাত্ৰাৰ আজি শুভাৰম্ভ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। তেওঁ কয়- অসমীয়া জনজীৱনৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত কৰাৰ যি অভিযান ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈয়ে চলাইছে, সেয়া সঁচাকৈয়ে অনুকৰণীয় আৰু প্ৰশংসাৰ পাত্ৰ। নদী পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ব্ৰহ্মপুত্ৰই কেৱল নৈপৰীয়া ৰাইজৰ বাবেই নহয়, অসমৰ আৰ্থ-সামাজিক দিশত বিশেষভাৱে অৰিহণা যোগাইছে। সেয়ে এই প্ৰচেষ্টা সফল হওক আৰু সকলোৰে বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনক। আনহাতে, বাৰিষা উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে নদী পৰ্যটনৰ লগতে প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ বাণী লৈ কৰা এই যাত্ৰাৰ বাবে বিভিন্ন শুভাকাংক্ষী আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক বিভাস দুৱৰা

Featured