ধুবুৰীৰ খুদিমাৰীৰ চক্ৰৱৰ্তী পৰিয়ালৰ ১৭৩ বছৰীয়া দুৰ্গাপূজা

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ খুদিমাৰীৰ চক্ৰৱৰ্তী পৰিয়ালৰ ঐতিহ্যমণ্ডিত দুুৰ্গাপূজাখন এইবাৰ ১৭৩ বছৰ স্পৰ্শ কৰিব৷ জানিব পৰা মতে, গৌৰীপুৰৰ জমিদাৰৰ ৰাজধানী ৰাঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত হোৱাৰ সময়ৰ পৰা আৰম্ভ হোৱা এই পূজাখন ১৮৫২ চনৰ পৰাই নিৰৱচ্ছিন্নভাৱে কৰি আহিছে পৰিয়ালটোৱে৷ তেওঁলোকৰ দুৰ্গাপূজাৰ ইতিহাস সন্দৰ্ভত চক্ৰৱৰ্তী পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ সদস্য পুলকেশ চক্ৰৱৰ্তীয়ে কয়- আমাৰ পূৰ্বপুৰুষ বলৰাম মিশ্ৰই গৌৰীপুৰৰ জমিদাৰৰ আহ্বানক্ৰমে তেওঁলোকৰ কুল দেৱতা মা মহামায়াৰ পূজা কৰাৰ সমান্তৰালকৈ স্থানীয় সংস্কৃত টোলৰ দায়িত্বভাৰ ল’বলৈ কনৌজৰ (বৰ্তমানে উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ড) পৰা ইয়ালৈ আহিছিল৷ তেওঁ খুদিমাৰী বিলৰ পাৰত ১৪৪ বিঘা মাটিত বসতি স্থাপন কৰিছিল আৰু  লগত লৈ অহা আমাৰ আৰোধ্য দেৱী দুৰ্গাৰ অষ্টধাতুৰ প্ৰতিমাটো স্থাপন কৰিছিল৷ এই পৰিয়ালটোৰ মন্দিৰত গোটেই বছৰে দেৱী দুৰ্গাৰ আৰাধনা কৰা হয় যদিও ষষ্ঠীৰ পৰা দশমীলৈকে পালন কৰা হয় বিশেষ কেতবোৰ পৰম্পৰা৷  বছৰৰ অন্যান্য দিনৰ পূজাত আমাৰ বলি-বিধান নাই৷ কিন্তু অষ্টমীৰ দিনা মা দুৰ্গাক পঠা বলি দি উৎসৰ্গিত কৰা হয়৷ পূৰ্বে অষ্টমীৰ দিনা প্ৰচুৰ বলি দিয়া হৈছিল যদিও বৰ্তমানে কেৱল বলি প্ৰথাৰ আনুষ্ঠানিকতা অক্ষুণ্ণ ৰাখিবলৈহে  পৰম্পৰা অনুসৰি অষ্টমীত এটা পঠা বলিৰে মাক উছৰ্গা কৰা  হয়। কিন্তু অষ্টমীৰ তিথিৰ সময় আগুৱাই অহা বাবে এইবাৰ বলি দিয়া নহয়।- পৰিয়ালটোৰ এগৰাকী সদস্য শ্যামল চক্ৰৱৰ্তীয়ে জনায় এয়া৷ আনহাতে, খুদিমাৰীৰ বামুণপাৰাত যুগ যুগ ধৰি চলি অহা এই দুৰ্গাপূজাত বিসৰ্জনৰ কোনো নিয়ম নাই। দশমীৰ দিন সৰস্বতী আৰু যাত্ৰা পূজাৰে সমাপ্তি ঘটে পূজাখনৰ৷  কঠোৰ নিয়ম-নীতিৰ মাজেৰে অনুষ্ঠিত হোৱা এই পূজাখনৰ বাহ্যিক জাকজমকতা নাথাকিলেও পৰিয়ালটোৰ দুৰ্গা মন্দিৰত মা স্বয়ং অধিষ্ঠিত থাকে বুলি এক লোকবিশ্বাস আছে ধৰ্মপ্ৰাণ ৰাইজৰ মাজত৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured