শিঙিমাৰীত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ অধীনৰ শক্তি আশ্ৰমৰ শিঙিমাৰী গাঁৱৰ পথাৰত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, পুৱা সংগঠনৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি মতিনুৰ ৰহমান আৰু যুটীয়া সম্পাদক ৰুস্তম আলীয়ে । ইয়াৰ পিছত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু সমূহীয়া দোৱা অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকিনুৰ ইছলাম, আক্ৰাছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক মিণ্টু কুমাৰ বৰ্মন, শিক্ষা সম্পাদক কহিনুৰ হুছেইন, শিলবাৰী আঞ্চলিকৰ সভাপতি শুকুৰ আলী, ছৰিফুল ইছলাম আদিয়ে।

প্ৰেৰক কৃষ্ণ বৰ্মন

Featured