চৰাইদেউৰ নবুল কোঁৱৰলৈ দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ

বিশেষ বাৰ্তা, ৪ জুলাই : সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰা দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ এই বছৰ প্ৰদান কৰা হৈছে চৰাইদেউ জিলাৰ দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰলৈ। আজি যোৰহাটৰ হোটেল নিউপাৰ্কত অনুষ্ঠিত এখন সংবাদ মেলত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে দেৱকুমাৰ  বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ প্ৰদান সমিতিৰ আহ্বায়কদ্বয় যোগেশ ওজা আৰু নৱজ্যোতি বৰুৱাই। উল্লেখ্য যে আজু, যোৰহাট জিলা সমিতিয়ে আগবঢ়োৱা এই মিডিয়া ফেল’শ্বিপৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক সাংবাদিকে বিভিন্ন বিষয়ৰ ওপৰত সংক্ষিপ্ত প্রতিবেদনসহ আবেদন আগবঢ়াইছিল। এই প্ৰস্তাৱসমূহৰ মাজৰ পৰা আজুৰ উদ্যোগত গঠিত তিনিজনীয়া বিশেষজ্ঞ সমিতিয়ে ‘ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজক উৎসাহিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ৰ বাবে নবুল কোঁৱৰক  ২০২৪ বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰে। এই মিডিয়া ফেল’শ্বিপত বিষয়বস্তুৰ ওপৰত গৱেষণাৰ বাবে নগদ ২০ হাজাৰ টকা আগবঢ়োৱা হ’ব আৰু ছমাহৰ ভিতৰত তেওঁ গৱেষণা পত্ৰ জমা দিব লাগিব। উল্লেখযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ড০ সূৰ্য কুমাৰ চেতিয়া,  যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ নীলিমা বৰা  আৰু জ্যেষ্ঠ সাংবাদিক দেৱজিৎ বৰুৱাক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। এই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে নবুল কোঁৱৰক ফেল’শ্বিপৰ বাবে বাছনি কৰা হয়। আজুৰ জিলা সম্পাদক দুলাল কলিতাই আঁত ধৰা সংবাদ মেলত আহ্বায়ক যোগেশ ওজাই মিডিয়া ফেল’শ্বিপ প্ৰদানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এই ফেল’শ্বিপৰ জৰিয়তে গুণগত সাংবাদিকতা আৰু সাংবাদিকৰ মাজত অধ্যয়ন স্পৃহা গঢ়ি তোলাত উৎসাহিত কৰিব বুলিও আশা প্ৰকাশ কৰে। আনহাতে, ২০২৪ বৰ্ষৰ ফেল’শ্বিপ প্ৰাপকৰ নাম ঘোষণা কৰি আন এজন আহ্বায়ক নৱজ্যোতি বৰুৱাই কয় যে সাংবাদিক অধ্যয়নপুষ্ট হ’বই লাগিব। সেয়েহে আজু যোৰহাট জিলা সমিতিয়ে জন্মলগ্নৰে পৰা সাংবাদিকৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ফেল’শ্বিপৰ দৰে বিদ্যায়তনিক কাম-কাজ গ্ৰহণ কৰি আহিছে। সংবাদ মেলত দেৱকুমাৰ বৰাৰ সহধৰ্মিণী বৰ্ণালী শইকীয়া বৰাই স্বামীৰ স্মৃতি ৰোমন্থন কৰি সাংবাদিকসকলৰ বাবে ফেল’শ্বিপ আগবঢ়াবলৈ লোৱা পদক্ষেপৰ বাবে আজু যোৰহাট জিলা সমিতিৰ শলাগ লয়। জ্যেষ্ঠ সাংবাদিক ললিত বৰাই দেৱকুমাৰ বৰাৰ সান্নিধ্যৰ কথা স্মৰণ কৰে।

প্ৰেৰক ৰঞ্জিত ভূঞা

Featured