অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণ আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ আতিথ্যত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মূল দ্বাৰ উন্মোচনৰ পাছতে পৰ্যায়ক্ৰমে সম্পন্ন হয় ১৯খনকৈ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, বৃক্ষৰোপণ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি কাৰ্যসূচী। বিভিন্ন উদ্বোধনী কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে “অসমৰ সাম্প্ৰতিক পৰিস্হিতি আৰু খিলঞ্জীয়াৰ ভৱিষ্যত ” শীৰ্ষক বিষয়ত সাংবাদিক প্ৰতাপ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব এখন আলোচনা-চক্ৰ। আবেলি অনুষ্ঠিত হ’ব ন-পুৰণি সতীৰ্থ সন্মিলন। সন্ধিয়া ৭ বজাত দুৰ্ঘটনাত অলপতে নিহত হোৱা মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে সামৰণি পৰিব আজিৰ দিনজোৰা কাৰ্যসূচীৰ।

প্ৰেৰক প্ৰাঞ্জল দাস

Featured