গোৱালপাৰাৰ লক্ষীপুৰ তিনআনিৰ দুৰ্গাপূজাৰ ২৩৮ বছৰ

🔹 ইংৰাজৰে যুঁজ দিয়াৰ বাবে শক্তি আহৰণ-যুদ্ধৰ প্ৰস্তুতিৰ বাবে আৰম্ভ কৰা বিশেষ পূজাখন

নিয়মীয়া বাৰ্তা,  ২৬ ছেপ্টেম্বৰ : বৰ্তমানলৈ নিৰৱচ্ছিন্নভাৱে অনুষ্ঠিত হৈ অহা অবিভক্ত ধুবুৰী জিলা তথা বৰ্তমানৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ তিনআনিৰ দুৰ্গাপূজাখনৰ সৈতে জড়িত হৈ আছে বিশেষ এক ইতিহাস। দৰাচলতে ১৭৮৬ চনত ইংৰাজৰ লগত যুঁজ দিয়াৰ বাবে শক্তি আহৰণ আৰু যুদ্ধৰ প্ৰস্তুতি চলাবলৈ মেছপাৰাৰ প্ৰতাপী জমিদাৰ ৰণাৰাম চৌধুৰীয়ে আৰম্ভ কৰিছিল এই বিশেষ পূজাখন। অৱশ্যে বৈষ্ণৱ হৈও জমিদাৰ চৌধুৰীয়ে দুর্গাপূজা কৰিবলৈ লোৱাটো সহজভাৱে লোৱা নাছিল পৰিয়ালটোৰ গুৰু বালিজানা সত্রৰ সত্রাধিকাৰে। লোকশ্ৰুতি মতে খঙত টিঙিৰিতুলা হৈ সত্ৰাধিকাৰগৰাকীয়ে আহি পূজাৰ আগতেই অৰ্ধনিৰ্মিত দুর্গা প্ৰতিমা ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু প্ৰতিমা বিসৰ্জনৰ পিছত বালিজানালৈ উভতি যোৱাৰ সময়ত মাজবাটত ৰংচইৰ কাষত পাহাৰৰ পৰা নামি অহা এটা হাতীয়ে তেওঁৰ বাট আগচি ধৰে। এই ঘটনাই সত্ৰাধিকাৰগৰাকীৰ মনত গভীৰ ৰেখাপাত কৰে আৰু পুনৰ উভতি আহি জমিদাৰ ৰণাৰামক দুৰ্গাপূজা কৰিবলৈ অনুমতি প্ৰদান কৰে৷ উল্লেখ্য যে বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ হিচাপে বৰ্তমানো এই দুৰ্গাপূজাখনত নাই কোনোধৰণৰ বলি-বিধানৰ প্ৰচলন। তদুপৰি এই পূজাখনৰ নিজস্ব কিছু স্বকীয় লোকাচাৰো আছে। পূৰ্বে দেৱী প্ৰতিমা বিসৰ্জনৰ পিছত যাত্ৰা পূজা অনুষ্ঠিত হৈছিল যদিও বৰ্তমানে তাৰ ঠাইত মহিলা-শিশুসকলৰ মাজত এক বিশেষ খেল অনুষ্ঠিত হয়। এইবেলি ২৩৮ বছৰত ভৰি দিবলগীয়া এই পূজাখনৰ পূৰ্বৰ জাকজমকতা বহু পৰিমাণে হ্ৰাস পাইছে যদিও অতি জাগ্ৰত বুলি লোকবিশ্বাস থকা এই পূজাখনলৈ পূজাৰ কেইদিন দেৱী দুৰ্গাৰ আশিস ল’বলৈ উপস্থিত হ’ব বহু দূৰ-দূৰণিৰ ভক্তিপ্ৰাণ ৰাইজ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured